মেঘালয়ৰ ৰাজ্যিক মাছ হিচাপে “চকলেট মাহছীৰ” ঘোষণা
- মে’ ৫ তাৰিখে মেঘালয় কেবিনেটৰ সিদ্ধান্ত
- “Neolissochilus hexagonolepis”ক ৰাজ্যিক মাছ হিচাপে স্বীকৃতি
- স্থানীয়ভাৱে “খাছাও” নামেৰে জনাজাত
- পৰিৱেশ আৰু মানুহৰ কাৰ্যকলাপৰ বাবে সংখ্যা হ্ৰাসৰ উদ্বেগ
স্থানীয় “খাছাও” মাছক সংৰক্ষণৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ
সমগ্ৰ সমাচাৰ সেৱা
মেঘালয়, ৬ মে’: মেঘালয় কেবিনেটে মে’ ৫ তাৰিখে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি “চকলেট মাহছীৰ”ক ৰাজ্যিক মাছ হিচাপে ঘোষণা কৰিছে। এই মাছটো বৈজ্ঞানিকভাৱে Neolissochilus hexagonolepis নামেৰে জনাজাত আৰু স্থানীয় ভাষাত “খাছাও” বুলি কোৱা হয়।
কেবিনেট বৈঠকখনৰ সভাপতিত্ব কৰে মুখ্যমন্ত্ৰী কনৰাড কংকাল চাংমাই। বৈঠকৰ পিছত মন্ত্ৰী আৰু MDAৰ মুখপাত্ৰ ৱাইলাদমিকি শ্বিল্লাই জনায় যে এই প্ৰস্তাৱ কেবিনেটে অনুমোদন কৰিছে।
চকলেট মাহছীৰ মেঘালয়ৰ নদ-নদীত বহুলভাৱে পোৱা যায় আৰু ইয়াৰ পৰিৱেশগত আৰু সাংস্কৃতিক গুৰুত্ব অতি উল্লেখযোগ্য। বিশেষকৈ খাছি সমাজত “খাছাও” মাছৰ এক বিশেষ স্থান আছে।
এই সিদ্ধান্তটো কেৱল ৰাজ্যিক পৰিচয়ৰ বাবে নহয়, বৰঞ্চ এই প্ৰজাতিটোৰ সংৰক্ষণৰ ক্ষেত্ৰতো এক ডাঙৰ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে। বিগত কিছু বছৰত পৰিৱেশগত চাপ আৰু মানুহৰ বিভিন্ন কাৰ্যকলাপৰ ফলত এই মাছৰ সংখ্যা কমি অহাৰ বাবে চিন্তা বৃদ্ধি পাইছিল।
বিশেষজ্ঞসকলে আশা কৰিছে যে এই ঘোষণাৰে সংৰক্ষণমূলক ব্যৱস্থা বঢ়াই তোলা হ’ব আৰু স্থানীয় জীৱবৈচিত্ৰ্য ৰক্ষা পাম।
