মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যপালক সাক্ষাৎ আজি!
- আজি ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী
- পদত্যাগ পত্ৰ প্ৰদান কৰাৰ সম্ভাৱনা
- ১০ মে’ত খানাপাৰাত শপতগ্ৰহণ অনুষ্ঠান সম্ভাৱনা
- বিজেপি-অগপ মিত্ৰজোঁটৰ ১০২খন আসন লাভ
- আজি আৰু কাইলৈ বিধায়ক বৈঠকৰ সম্ভাৱনা
বিজেপি মিত্ৰজোঁটৰ ঐতিহাসিক জয়ৰ পিছত চৰকাৰ গঠনৰ প্ৰস্তুতি তুংগত
সমগ্ৰ সমাচাৰ সেৱা
অসম , ৬ মে’: বিধানসভা নিৰ্বাচনত বৃহৎ জয়ৰ পিছত ৰাজ্যত নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া ত্বৰান্বিত হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি ৰাজভৱনত গৈ ৰাজ্যপালৰ সৈতে সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। এই সাক্ষাৎকালত তেওঁ পদত্যাগ পত্ৰ প্ৰদান কৰিব পাৰে বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে।
নিয়ম অনুসৰি, বিজয়ী দলে ৰাজ্যপালৰ ওচৰত চৰকাৰ গঠনৰ দাবী জনোৱাৰ পিছতেই পৰৱৰ্তী প্ৰক্ৰিয়া আৰম্ভ হয়। এইবাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ১০২খন আসন লাভ কৰি স্পষ্ট সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিছে।
সূত্ৰ অনুসাৰে, ১০ মে’ত খানাপাৰাত নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। তাৰ আগতে, আজি বা কাইলৈ নৱনিৰ্বাচিত বিধায়কসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব, য’ত নতুন চৰকাৰ গঠন আৰু মন্ত্ৰীসভা গঠন সম্পৰ্কে আলোচনা হ’ব।
ইফালে, অগপৰো নৱনিৰ্বাচিত বিধায়কসকলৰ প্ৰথম বিধায়িনী সভা আজি পুৱা ১১ বজাত অনুষ্ঠিত হ’ব। মহানগৰীৰ অগপ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই সভাত আগন্তুক ৰাজনৈতিক পৰিকল্পনা আলোচনা কৰা হ’ব। তাৰ পিছতে দুপৰীয়া ১ বজাত বিজেপি ৰাজ্যিক সভাপতিৰ উপস্থিতিত এক যৌথ সভাও অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে। এই সকলো পৰিকল্পনাৰ মাজতে ৰাজ্যত নতুন চৰকাৰ গঠনৰ উত্তেজনা তুংগত উপনীত হৈছে।
