Global Assam News

Global and Local Assam News Website

অসমত NDA চৰকাৰৰ শপত গ্ৰহণ ১২ মে’ত;

  • ১২ মে’ত গুৱাহাটীৰ খানাপাৰা পশুচিকিৎসা ক্ষেত্ৰত অনুষ্ঠিত হ’ব শপত গ্ৰহণ অনুষ্ঠান
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ বহু কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব
  • নিৰাপত্তা আৰু যান-বাহন নিয়ন্ত্ৰণৰ বাবে বিস্তৃত পৰিকল্পনা
  • সকলো বিভাগক সমন্বয় বজাই ৰাখিবলৈ নিৰ্দেশ

মুখ্য সচিব ৰবি কোটাৰ নেতৃত্বত উচ্চস্তৰীয় বৈঠক; নিৰাপত্তা, যান-বাহন ব্যৱস্থা আৰু প্ৰট’কলত বিশেষ গুৰুত্ব

সমগ্ৰ সমাচাৰ সেৱা
অসম, ৭ মে’: অসমত নতুনকৈ নিৰ্বাচিত NDA চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানক লৈ ৰাজ্যজুৰি তৎপৰতা বৃদ্ধি পাইছে। ৬ মে’ত অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটাই এক উচ্চস্তৰীয় বৈঠকৰ সভাপতিত্ব কৰি অনুষ্ঠানৰ সামগ্ৰিক প্ৰস্তুতি পৰ্যালোচনা কৰে।

১২ মে’ত পশুচিকিৎসা ক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া এই বৃহৎ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী‌ কেন্দ্ৰীয় মন্ত্ৰী, বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ লগতে উদ্যোগ জগতৰ প্ৰতিনিধিসকল উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

বৈঠকত আৰক্ষী সঞ্চালক প্ৰধানসহ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানস্থলীৰ নিৰাপত্তা ব্যৱস্থা, যান-বাহন নিয়ন্ত্ৰণ, অতিথি আদৰণি, প্ৰট’কল পালন আৰু বিভিন্ন বিভাগৰ মাজৰ সমন্বয়ক লৈ বিস্তৃত আলোচনা হয়।
চৰকাৰী সূত্ৰ অনুসৰি, অনুষ্ঠান সুষ্ঠুভাৱে সম্পন্ন কৰাৰ বাবে সকলো বিভাগক পূৰ্ণ প্ৰস্তুতি আৰু সমন্বয় বজাই ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। অনুষ্ঠানক কেন্দ্ৰ কৰি গুৱাহাটীত বিশেষ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনাও আছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *