অসমৰ আমিনগাঁৱত বৃহৎ ড্ৰাগছ জব্দ
- আমিনগাঁৱত বাছ আটক কৰি বৃহৎ ড্ৰাগছ জব্দ
- ₹২১.৩৬ কোটি মূল্যৰ নিষিদ্ধ সামগ্ৰী উদ্ধাৰ
- ২.৫ কেজি হেৰ’ইন আৰু ৮ কেজি আফিম জব্দ
- যৌথ অভিযান চলায় কমৰূপ আৰক্ষী আৰু STF অসমে
- ঘটনাৰ সৈতে জড়িত ৫ জন অভিযুক্ত গ্ৰেপ্তাৰ
যৌথ অভিযানত ₹২১.৩৬ কোটি টকাৰ হেৰ’ইন আৰু আফিম উদ্ধাৰ, ৫ জন গ্ৰেপ্তাৰ
সমগ্ৰ সমাচাৰ সেৱা
অসম, ১৫ মে’: অসমত ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে পুনৰ এক বৃহৎ সফলতা লাভ কৰিছে আৰক্ষীয়ে। কমৰূপ আৰক্ষী আৰু STF অসমৰ যৌথ অভিযানত আমিনগাঁৱ অঞ্চলত এখন আন্তঃৰাজ্যিক বাছ আটক কৰি ₹২১.৩৬ কোটি মূল্যৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰা হয়।
পুলিশ সূত্ৰে জনোৱা মতে, গোপন তথ্যৰ ভিত্তিত চলোৱা বিশেষ অভিযানত পাৰ্শ্বৱৰ্তী ৰাজ্যৰ পৰা অহা এখন বাছ আমিনগাঁৱত ৰখাই তল্লাশি চলোৱা হয়। তল্লাশীৰ সময়ত বাছখনৰ পৰা ২.৫ কেজি হেৰ’ইন আৰু ৮ কেজি আফিম উদ্ধাৰ হয়।
অভিযানত জড়িত আৰক্ষী বিষয়াসকলে কয় যে, উদ্ধাৰ হোৱা ড্ৰাগছসমূহৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ₹২১.৩৬ কোটি বুলি অনুমান কৰা হৈছে। ঘটনাৰ সৈতে জড়িত পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁলোকক সোধ-পোছ অব্যাহত আছে। অসম আৰক্ষীয়ে ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে অব্যাহতভাৱে অভিযান চলাই আছে।
