NEET-UG পুনৰ পৰীক্ষা ২১ জুনত
Oplus_131072
- NEET-UG পুনৰ পৰীক্ষা ২১ জুনত অনুষ্ঠিত হ’ব
- মে’ মাহত অনুষ্ঠিত পৰীক্ষা বাতিল কৰিছিল NTA-ই
- পৰীক্ষাত অনিয়মৰ অভিযোগত CBI তদন্ত অব্যাহত
- কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ উপস্থিতিত উচ্চস্তৰীয় বৈঠক
অনিয়মৰ অভিযোগৰ পিছত পুনৰ অনুষ্ঠিত হ’ব চিকিৎসা প্ৰৱেশিকা পৰীক্ষা
সমগ্ৰ সমাচাৰ সেৱা
দিল্লী, ১৫ মে’: ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (NTA)-ই ঘোষণা কৰিছে যে চিকিৎসা প্ৰৱেশিকা পৰীক্ষা NEET-UG ২০২৬ পুনৰ ২১ জুন, দেওবাৰে অনুষ্ঠিত হ’ব। পৰীক্ষা প্ৰক্ৰিয়াত অনিয়ম আৰু কেলেংকাৰীৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে পূৰ্বে অনুষ্ঠিত পৰীক্ষাখন বাতিল কৰা হৈছিল।
উল্লেখ্য যে, NEET-UG পৰীক্ষা প্ৰথমে ৩ মে’ত অনুষ্ঠিত হৈছিল। কিন্তু পৰীক্ষাৰ সৈতে জড়িত অনিয়মৰ অভিযোগ দেশজুৰি তীব্ৰ ৰূপ লোৱাৰ পিছত NTA-ই ১৩ মে’ত পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। লগতে গোটা বিষয়টোৰ বিস্তৃত তদন্তৰ দায়িত্ব কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (CBI)-ক দিয়া হয়।
NTA-ৰ এজন জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়া মতে, “ভাৰত চৰকাৰৰ অনুমোদনত NEET (UG) ২০২৬ পুনৰ পৰীক্ষা ২১ জুনত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।”
ইফালে, পুনৰ পৰীক্ষাৰ প্ৰস্তুতি আৰু সুৰক্ষা ব্যৱস্থা পৰ্যালোচনা কৰিবলৈ বৃহস্পতিবাৰে নিশা কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসভৱনত এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত পৰীক্ষা স্বচ্ছ আৰু নিৰপেক্ষভাৱে সম্পন্ন কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই ঘোষণাৰ পিছত দেশজুৰি লাখ লাখ NEET পৰীক্ষাৰ্থীৰ মাজত নতুনকৈ প্ৰস্তুতি আৰম্ভ হৈছে।
