Global Assam News

Global and Local Assam News Website

শ্যামকানু মহন্তৰ জামিন আবেদন আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি

  • শ্যামকানু মহন্তৰ জামিন আবেদন আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি
  • ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বেঞ্চত অনুষ্ঠিত হ’ব শুনানি
  • নিম্ন আদালতে পূৰ্বে জামিন আবেদন খাৰিজ কৰিছিল
  • চৰকাৰৰ হৈ উপস্থিত এডভোকেট জেনেৰেল দেবজিত লোণ শইকীয়া
  • দ্বিতীয়বাৰৰ বাবে এডভোকেট জেনেৰেল হিচাপে দায়িত্ব গ্ৰহণৰ পিছত ই তেওঁৰ প্ৰথম ডাঙৰ গোচৰ

সমগ্ৰ সমাচাৰ সেৱা
অসম, ১৫ মে’: শ্যামকানু মহন্তৰ জামিন আবেদনক কেন্দ্ৰ কৰি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হ’ব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বেঞ্চত এই গোচৰৰ শুনানি গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

ইয়াৰ পূৰ্বে নিম্ন আদালতে শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। তাৰ পিছতে তেওঁ উচ্চ ন্যায়ালয়ৰ কাষ চাপি জামিন বিচাৰি আবেদন দাখিল কৰে। এই শুনানিক কেন্দ্ৰ কৰি আইনী মহলৰ লগতে সাধাৰণ জনতাৰ মাজতো যথেষ্ট আগ্ৰহ দেখা গৈছে।
এই গোচৰত চৰকাৰৰ পক্ষত উপস্থিত আছে অসমৰ এডভোকেট জেনেৰেল দেবজিত লোণ শইকীয়া।

উল্লেখযোগ্য যে, দ্বিতীয়বাৰৰ বাবে এডভোকেট জেনেৰেল হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত এইটো তেওঁৰ প্ৰথম বৃহৎ আৰু উচ্চ-প্ৰোফাইল গোচৰ হিচাপে বিবেচিত হৈছে।

আজিৰ শুনানিৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী আইনী পদক্ষেপ নিৰ্ধাৰিত হ’ব বুলি ধাৰণা কৰা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *