ভুৱা পৰিচয়ে প্ৰেমৰ অভিযোগ, গুৱাহাটীত যুৱক গ্ৰেপ্তাৰ
Oplus_131072
- “সঞ্জু” নাম ব্যৱহাৰ কৰি হিন্দু যুৱতীৰ সৈতে সম্পৰ্ক গঢ়াৰ অভিযোগ
- প্ৰায় তিনি বছৰ ধৰি প্ৰকৃত পৰিচয় গোপন ৰখাৰ দাবী
- সত্য প্ৰকাশ পোৱাৰ পিছত আৰক্ষীৰ ওচৰ চাপিলে যুৱতী
- এছিড আক্ৰমণৰ ভাবুকি দিয়াৰ অভিযোগ
- পাণবজাৰ আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ১৭ মে’: গুৱাহাটীত ভুৱা পৰিচয় ব্যৱহাৰ কৰি এক হিন্দু যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়াৰ অভিযোগত এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অভিযুক্তজনৰ নাম মহম্মদ সাজিদ বুলি চিনাক্ত কৰা হৈছে। অভিযোগ অনুসৰি, তেওঁ নিজৰ প্ৰকৃত পৰিচয় গোপন কৰি “সঞ্জু” নাম ব্যৱহাৰ কৰি যুৱতীগৰাকীৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল।
প্ৰতিবেদন অনুসৰি, যুৱতীগৰাকী প্ৰায় তিনি বছৰ ধৰি অভিযুক্তজনৰ সৈতে সম্পৰ্কত আছিল যদিও তেওঁৰ প্ৰকৃত পৰিচয় সম্পৰ্কে অৱগত নাছিল। পাছত বিষয়টো জানিব পাৰি তেওঁ আৰক্ষীৰ ওচৰ চাপে।
যুৱতীগৰাকীয়ে অভিযোগ কৰে যে, বিষয়টো কাকো জনালে বা আৰক্ষীক অৱগত কৰিলে অভিযুক্তই এছিড আক্ৰমণ কৰাৰ ভাবুকি দিছিল। অভিযোগ লাভ কৰাৰ পিছতেই পাণবজাৰ আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰি অভিযুক্ত সাজিদক গ্ৰেপ্তাৰ কৰে।
আৰক্ষী সূত্ৰে জানিবলৈ দিয়া মতে, সাজিদ গুৱাহাটীৰ কুমাৰপাৰা অঞ্চলৰ বাসিন্দা। অভিযোগ অনুসৰি, সম্পৰ্কৰ সময়ছোৱাত অভিযুক্তই যুৱতীগৰাকীক মানসিকভাৱে হাৰাশাস্তিও কৰিছিল। বৰ্তমানেও ঘটনাটোৰ অধিক তদন্ত অব্যাহত আছে।
