Global Assam News

Global and Local Assam News Website

উচ্চতম ন্যায়ালয়ত বিচাৰপতিৰ সংখ্যা বৃদ্ধি, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অনুমোদন

  • উচ্চতম ন্যায়ালয়ত বিচাৰপতিৰ অনুমোদিত সংখ্যা ৩৩ৰ পৰা ৩৭লৈ বৃদ্ধি
  • মুখ্য ন্যায়াধীশক বাদ দি এই বৃদ্ধি কার্যকৰী হ’ব
  • ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ‘Supreme Court (Number of Judges) Amendment Ordinance, 2026’ জাৰি কৰি অনুমোদন প্ৰদান কৰে
  • দেশত বর্ধিত মামলাৰ চাপ হ্ৰাসৰ লক্ষ্যৰে এই সিদ্ধান্ত
  • বিচাৰ ব্যৱস্থাত ডাঙৰ পদক্ষেপ

সমগ্ৰ সমাচাৰ সেৱা

অসম, ১৭ মে’: দেশৰ উচ্চতম ন্যায়ালয়ৰ কার্যক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু উচ্চতম ন্যায়ালয়ত বিচাৰপতিৰ অনুমোদিত সংখ্যা বৃদ্ধি কৰাৰ বাবে ‘Supreme Court (Number of Judges) Amendment Ordinance, 2026’ অনুমোদন জনাইছে।

এই নতুন অধ্যাদেশ অনুসৰি, ভাৰতৰ উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশক বাদ দি বিচাৰপতিৰ সংখ্যা ৩৩ৰ পৰা বৃদ্ধি কৰি ৩৭ কৰা হ’ব। অৰ্থাৎ, মুঠ বিচাৰপতিৰ সংখ্যা আগতকৈ অধিক হ’ব আৰু ইয়াৰ ফলত আদালতৰ কাম-কাজ অধিক দ্রুত গতিত সম্পন্ন হোৱাৰ আশা কৰা হৈছে।
বৰ্তমান দেশৰ বিভিন্ন আদালতত লক্ষ লক্ষ মামলা নিষ্পত্তিৰ অপেক্ষাত আছে। বিশেষকৈ উচ্চতম ন্যায়ালয়ত বৃদ্ধি পোৱা মামলাৰ সংখ্যাই বিচাৰ প্ৰক্ৰিয়াত বিলম্ব সৃষ্টি কৰি আহিছে। এই পৰিস্থিতি নিয়ন্ত্ৰণ আৰু দ্রুত বিচাৰ প্ৰদানৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।

আইনী বিশেষজ্ঞসকলৰ মতে, বিচাৰপতিৰ সংখ্যা বৃদ্ধি পালে অধিক বেঞ্চ গঠন সম্ভৱ হ’ব আৰু গুৰুত্বপূর্ণ মামলাসমূহ দ্রুত শুনানি লাভ কৰিব।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *