Global Assam News

Global and Local Assam News Website

NEET UG 2026 পেপাৰ লীক কাণ্ডত পুনেৰ অধ্যাপিকা গ্ৰেপ্তাৰ

  • NEET UG 2026 পেপাৰ লীক কাণ্ডত CBI-য়ে পুনেৰ অধ্যাপিকা মণীষা মন্ধাৰে গ্ৰেপ্তাৰ
  • অভিযোগ অনুসৰি, বিশেষ কোচিং চলাই শিক্ষাৰ্থীক “গুৰুত্বপূর্ণ” প্ৰশ্ন লিখাই দিছিল
  • উদ্ভিদ বিজ্ঞান আৰু প্ৰাণী বিজ্ঞানৰ বহু প্ৰশ্ন মূল NEET পৰীক্ষাৰ সৈতে মিল থকাৰ অভিযোগ
  • এই কাণ্ডত আৰু কেইবাজনো লোক গ্ৰেপ্তাৰ হৈছে
  • ঘটনাক কেন্দ্ৰ কৰি শিক্ষাক্ষেত্ৰত স্বচ্ছতা আৰু দায়বদ্ধতা লৈ নতুনকৈ প্ৰশ্ন উত্থাপন

সমগ্ৰ সমাচাৰ সেৱা
অসম, ২০ মে’: NEET UG 2026 পেপাৰ লীক কাণ্ডত কেন্দ্ৰীয় তদন্ত সংস্থা (CBI)-য়ে পুনেৰ মডাৰ্ণ কলেজৰ উদ্ভিদ বিজ্ঞান অধ্যাপিকা মণীষা মন্ধাৰেক গ্ৰেপ্তাৰ কৰিছে। তদন্তকাৰী সংস্থাৰ অভিযোগ অনুসৰি, তেওঁ নিজৰ বাসগৃহত বিশেষ কোচিং চলাই শিক্ষাৰ্থীসকলক উদ্ভিদ বিজ্ঞান আৰু প্ৰাণী বিজ্ঞানৰ গুৰুত্বপূর্ণ প্ৰশ্ন নোটবুকত লিখাই আৰু পাঠ্যপুথিত চিহ্নিত কৰি দিছিল।
কেন্দ্ৰীয় তদন্ত সংস্থাৰ দাবী অনুসৰি, সেই প্ৰশ্নসমূহৰ বহু অংশ পিছত মূল NEET UG 2026 পৰীক্ষাৰ প্ৰশ্নপত্ৰৰ সৈতে মিল খাইছে।

তদন্তত এই কথাও প্ৰকাশ পাইছে যে, NEET পেপাৰ লীক কাণ্ডত আৰু বহু লোকৰ জড়িত থকাৰ সন্দেহ আছে আৰু কেন্দ্ৰীয় তদন্ত সংস্থায়ে ইতিমধ্যে কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

ঘটনাই দেশজুৰি লক্ষাধিক শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত তীব্ৰ উদ্বেগৰ সৃষ্টি কৰিছে, কিয়নো প্ৰতিযোগিতামূলক পৰীক্ষাৰ স্বচ্ছতা আৰু নিৰ্ভৰযোগ্যতা লৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে।

এই ঘটনাৰ পিছত শিক্ষাক্ষেত্ৰৰ বিভিন্ন মহলত কঠোৰ তদন্ত আৰু দোষীৰ বিৰুদ্ধে কঠিন ব্যৱস্থা গ্ৰহণৰ দাবী জোৰদাৰ হৈছে। বহুতে মত প্ৰকাশ কৰিছে যে, দেশৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰা এনে গুৰুত্বপূর্ণ পৰীক্ষাত যিকোনো ধৰণৰ অনিয়ম অত্যন্ত চিন্তাজনক আৰু ইয়াৰ সম্পূৰ্ণ সত্য উদঘাটন হ’ব লাগিব।

শিক্ষাৰ্থীসকলৰ কষ্ট আৰু পৰিশ্ৰমৰ মূল্য সুৰক্ষিত ৰাখিবলৈ NEETৰ দৰে ৰাষ্ট্ৰীয় পৰীক্ষাত স্বচ্ছতা আৰু কঠোৰ নিৰীক্ষণ নিশ্চিত কৰাটো সময়ৰ দাবী বুলি মত প্ৰকাশ কৰিছে বিভিন্ন মহলে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *