Global Assam News

Global and Local Assam News Website

NEET-UG ২০২৬ প্ৰশ্নপত্ৰ ফাঁস: পুণেৰ ফিজিক্স শিক্ষয়িত্ৰীসহ ১১ জন গ্ৰেপ্তাৰ

Oplus_131072

  • NEET-UG ২০২৬ প্ৰশ্নপত্ৰ ফাঁস কাণ্ডত এতিয়ালৈ ১১ জন অভিযুক্ত গ্ৰেপ্তাৰ
  • পুণেৰ এগৰাকী ফিজিক্স শিক্ষয়িত্ৰীৰ ওপৰত প্ৰশ্নপত্ৰ শ্বেয়াৰৰ অভিযোগ
  • CBIৰ তদন্তত ৫ ৰাজ্যত প্ৰশ্নপত্ৰ বিক্ৰীৰ তথ্য উন্মোচিত
  • মহাৰাষ্ট্ৰ আৰু ৰাজস্থানত সৰ্বাধিক বিক্ৰীৰ প্ৰমাণ লাভ
  • পইচা লেনদেন কৰা অভিভাৱক আৰু শিক্ষাৰ্থীৰ তালিকা প্ৰস্তুত কৰিছে CBI

৫ ৰাজ্যত বিস্তৃত প্ৰশ্নপত্ৰ ফাঁসৰ জাল

সমগ্ৰ সমাচাৰ সেৱা
অসম, ২৪ মে’: NEET-UG ২০২৬ প্ৰশ্নপত্ৰ ফাঁস কাণ্ডত কেন্দ্ৰীয় তদন্ত সংস্থা CBIৰ অনুসন্ধানত ডাঙৰ তথ্য পোহৰলৈ আহিছে। তদন্তত প্ৰকাশ পাইছে যে প্ৰশ্নপত্ৰ ফাঁসৰ জাল কমেও ৫খন ৰাজ্যলৈ বিস্তৃত আছিল। মহাৰাষ্ট্ৰত সৰ্বাধিক বিক্ৰী হোৱা বুলি জানিব পৰা গৈছে, তাৰ পিছতে আছে ৰাজস্থান।

CBIৰ তথ্য অনুসৰি, মহাৰাষ্ট্ৰৰ পৰা প্ৰশ্নপত্ৰৰ প্ৰিণ্ট উলিয়াই ৰাজস্থান আৰু আন ৰাজ্যলৈ ‘কুৱেশ্বন বেংক’ হিচাপে প্ৰেৰণ কৰা হৈছিল।

এই কাণ্ডত দিল্লী, জয়পুৰ, গুৰগাঁও, নাসিক, পুণে, লাতুৰ আৰু অহল্যানগৰ আদি ঠাইৰ পৰা এতিয়ালৈ মুঠ ১১ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযোগ অনুসৰি, পুণেৰ এগৰাকী ফিজিক্স শিক্ষয়িত্ৰী NEET পৰীক্ষা প্ৰক্ৰিয়াত এক্সপাৰ্ট হিচাপে জড়িত আছিল আৰু ফিজিক্সৰ প্ৰশ্নপত্ৰত তেওঁৰ প্ৰৱেশাধিকাৰ আছিল। তেওঁ কিছুমান প্ৰশ্ন আন অভিযুক্তৰ সৈতে শ্বেয়াৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হয়।

CBIয়ে এতিয়া সেই সকলো অভিভাৱক আৰু অভিযুক্তৰ বেংক একাউণ্টৰ লেনদেনৰ তথ্য সংগ্ৰহ কৰি আছে, যিসকলৰ পৰা সন্দেহজনকভাৱে পইচা স্থানান্তৰ কৰা হৈছিল। তদন্তকাৰী সংস্থাই কয় যে এই কাণ্ড আৰু অধিক ডাঙৰ ৰূপ ল’ব পাৰে আৰু শীঘ্ৰেই আন ৰাজ্যতো ছাপেমাৰী চলিব।

ইফালে, NEET-UG ২০২৬ পৰীক্ষা বাতিল হোৱাৰ পিছত NTAয়ে পৰীক্ষাৰ ফীছ ৰিফাণ্ডৰ বাবে বিশেষ প’ৰ্টেল মুকলি কৰিছে। পৰীক্ষাৰ্থীয়ে ২২ মে’ৰ পৰা ২৭ মে’ (ৰাতি ১১:৫০ বজালৈ) নিজৰ বেংক একাউণ্টৰ তথ্য জমা দি ফীছ ঘূৰাই পাব পাৰিব।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *