আফ্ৰিকাত ইবোলা সংক্ৰমণক লৈ WHO-ৰ জৰুৰী ঘোষণা, ভাৰতৰ ভ্ৰমণ সতৰ্কতা
- আফ্ৰিকাৰ কেইবাটাও অঞ্চলত ইবোলা প্ৰাদুৰ্ভাৱক WHO-ই ‘Public Health Emergency of International Concern’ ঘোষণা
- ভাৰতে DRC, উগাণ্ডা আৰু দক্ষিণ চুডানলৈ অ-জৰুৰী ভ্ৰমণ এৰাই চলিবলৈ নাগৰিকক পৰামৰ্শ
- ভাৰতত এতিয়ালৈ এই সংক্ৰমণৰ কোনো ঘটনা ধৰা পৰা নাই
- বিমানবন্দৰ আৰু প্ৰৱেশ বিন্দুত নজৰদাৰী অধিক কটকটীয়া কৰা হৈছে
WHO-ৰ জৰুৰী ঘোষণা
সমগ্ৰ সমাচাৰ সেৱা
আফ্ৰিকা, ২৪ মে’: আফ্ৰিকাৰ কেইবাটাও অঞ্চলত ইবোলা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ পিছত বিশ্ব স্বাস্থ্য সংস্থা (WHO)-ই ইয়াক ‘Public Health Emergency of International Concern’ হিচাপে ঘোষণা কৰিছে। আফ্ৰিকা Centres for Disease Control and Prevention (Africa CDC)-এও এই পৰিস্থিতিক ‘Public Health Emergency of Continental Security’ বুলি অভিহিত কৰিছে।
ইয়াৰ পিছতে ভাৰত চৰকাৰে নাগৰিকসকলক Democratic Republic of the Congo (DRC), উগাণ্ডা আৰু দক্ষিণ চুডানলৈ অ-জৰুৰী ভ্ৰমণ এৰাই চলিবলৈ পৰামৰ্শ দিছে। চৰকাৰে কৈছে যে, যিসকল ভাৰতীয় নাগৰিক ইতিমধ্যে এই দেশসমূহত আছে বা ভ্ৰমণত আছে, তেওঁলোকে স্থানীয় স্বাস্থ্যবিধি কঠোৰভাৱে মানি চলিব লাগে আৰু অধিক সাৱধানতা অৱলম্বন কৰিব লাগে।
ভাৰতত এতিয়ালৈ এই বিশেষ ইবোলা সংক্ৰমণৰ কোনো ঘটনা ধৰা পৰা নাই। তথাপিও, সম্ভাব্য বিপদ ৰোধ কৰিবলৈ বিমানবন্দৰ আৰু অন্যান্য প্ৰৱেশ বিন্দুত যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা আৰু নজৰদাৰী ব্যৱস্থা অধিক জোৰদাৰ কৰা হৈছে।
স্বাস্থ্য কৰ্তৃপক্ষই কৈছে যে, আক্রান্ত অঞ্চলৰ পৰা অহা যাত্ৰীসকলক বিশেষভাৱে পৰ্যবেক্ষণ কৰি পৰিস্থিতি নিবিড়ভাৱে মনিটৰ কৰা হৈছে।
