Global Assam News

Global and Local Assam News Website

শিৱসাগৰত আৰক্ষী-সন্দেহভাজন উগ্ৰপন্থীৰ গুলীয়াগুলী, দুজন আহত

Oplus_131072

  • শিৱসাগৰৰ বগীদল মাধুৰী মোলাই গাঁৱত আৰক্ষীৰ অভিযানত গুলীয়াগুলী
  • দুজন সন্দেহভাজন ULFA-I সদস্য আহত, চিকিৎসাধীন
  • আৰক্ষীৰ দুজন জোৱানো গুলীবিদ্ধ
  • ঘটনাস্থলীৰ পৰা অস্ত্ৰ আৰু তিনিখন বাইক জব্দ
  • চাৰিজন সন্দেহভাজন পলাতক, আৰক্ষীৰ অভিযান অব্যাহত

চাঁদা সংগ্ৰহৰ অভিযোগত আৰক্ষীৰ অভিযান; চাৰিজন পলাতক, তীব্ৰ তালাচী অব্যাহত

সমগ্ৰ সমাচাৰ সেৱা
শিৱসাগৰ, ২৬মে’: শিৱসাগৰ জিলাৰ বগীদল মাধুৰী মোলাই গাঁৱত চাঁদা সংগ্ৰহৰ অভিযোগক কেন্দ্ৰ কৰি আৰক্ষীৰ অভিযানৰ সময়ত সংঘটিত গুলীয়াগুলীত দুজন সন্দেহভাজন ULFA-I সদস্য আহত হয়। আৰক্ষীৰ মতে, স্থানীয় ব্যৱসায়ী লাচিত গগৈৰ পৰা চাঁদা সংগ্ৰহ কৰিবলৈ অহা ছয়জন যুৱকৰ দলটোৰ সৈতে এই সংঘৰ্ষৰ ঘটনা ঘটে।

আহত সন্দেহভাজন দুজনক ৰিতু গগৈ আৰু জিতু গগৈ বুলি চিনাক্ত কৰা হৈছে। ৰিতু গগৈক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। আনহাতে, জিতু গগৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

শিৱসাগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই জনোৱা মতে, তিনিখন মটৰচাইকেলত ছয়জন যুৱক নিৰ্দিষ্ট স্থানলৈ আহিছিল। আৰক্ষীৰ উপস্থিতি লক্ষ্য কৰাৰ পিছতে তেওঁলোকে আৰক্ষীৰ ওপৰত গুলীচালনা কৰে। ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীচালনা কৰে।

এই সংঘৰ্ষত আৰক্ষীৰ দুজন জোৱানো আহত হোৱা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ প্ৰত্যুত্তৰমূলক গুলীচালনাত দুজন সন্দেহভাজন আহত হয় যদিও বাকী চাৰিজন পলাই যাবলৈ সক্ষম হয়।

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰ আৰু ব্যৱহৃত মটৰচাইকেল জব্দ কৰিছে। অৱশ্যে, জব্দ কৰা অস্ত্ৰৰ বিৱৰণ বা দাবী কৰা চাঁদাৰ পৰিমাণ সন্দৰ্ভত আৰক্ষীয়ে এতিয়াও কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই।
ঘটনাটোক কেন্দ্ৰ কৰি শিৱসাগৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু পলাতক সন্দেহভাজনক বিচাৰি তালাচী অভিযান তীব্ৰ কৰি তুলিছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *