CAGৰ প্ৰতিবেদনত অসমৰ আৰ্থিক অনিয়ম উন্মোচিত
Oplus_131072
- বাজেট অনুমোদন নোহোৱাকৈ অসম চৰকাৰে ৫০৯.৫৯ কোটি টকা ব্যয় কৰাৰ অভিযোগ।
- ৬,৯২৯টা ব্যৱহাৰ প্ৰমাণপত্ৰ (UC) জমা নপৰা, মুঠ পৰিমাণ ২৩,২৪০.৫৬ কোটি টকা।
- ৭৫৩.৬১ কোটি টকাৰ ১,২২২টা Contingent Bill এতিয়াও নিয়মীয়া নোহোৱা।
- ২০০৬-০৭ৰ পৰা ২০২৩-২৪লৈ ১১,৯৯৫.৬৯ কোটি টকাৰ অতিৰিক্ত ব্যয় নিয়মীয়া নোহোৱাকৈ আছে।
- CAGয়ে চৰকাৰী আৰ্থিক শৃংখলাৰ গুৰুতৰ অভাৱৰ কথা উল্লেখ কৰিছে।
বাজেট অনুমোদন নোহোৱাকৈ ৫০৯.৫৯ কোটি টকা ব্যয়
সমগ্ৰ সমাচাৰ সেৱা
অসম, ২৬ মে’: ভাৰতৰ নিয়ন্ত্ৰক আৰু মহা হিচাপ পৰীক্ষক (CAG)ৰ ২০২৪-২৫ বৰ্ষৰ অডিট প্ৰতিবেদনত অসমৰ আৰ্থিক ব্যৱস্থাপনাৰ গুৰুতৰ অনিয়ম উন্মোচিত হৈছে। প্ৰতিবেদন অনুসৰি, অসম চৰকাৰে ১৩টা ক্ষেত্ৰত বাজেট অনুমোদন বা পুনৰ-বিন্যাস (Re-appropriation) নোহোৱাকৈ ৫০৯.৫৯ কোটি টকা ব্যয় কৰিছে। এই ব্যয় Public Debt and Servicing of Debt শিৰোনামত কৰা হৈছিল, যি সংবিধানৰ অনুচ্ছেদ ২০৪ৰ উলংঘন বুলি CAGয়ে উল্লেখ কৰিছে।
২০২৫ চনৰ ৩১ মাৰ্চ পৰ্যন্ত ৬,৯২৯টা Utilisation Certificate (UC) জমা নপৰা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। এই প্ৰমাণপত্ৰসমূহৰ মুঠ মূল্য ২৩,২৪০.৫৬ কোটি টকা। CAGৰ মতে, এই নথি অবিহনে চৰকাৰী অনুদান সঠিক উদ্দেশ্যে ব্যৱহাৰ হৈছিল নে নহয়, সেয়া নিশ্চিত কৰিব নোৱাৰি। ইয়াৰ ভিতৰত বিত্ত বিভাগৰ ৪,০৬৭.০৬ কোটি টকাৰ UC আটাইতকৈ বেছি বকেয়া আছে।
প্ৰতিবেদনত আৰু কোৱা হৈছে যে ১,২২২টা Abstract Contingent Bill, যাৰ মূল্য ৭৫৩.৬১ কোটি টকা, এতিয়াও Detailed Countersigned Billলৈ ৰূপান্তৰ কৰা হোৱা নাই। অৰ্থাৎ, ৰাজকোষৰ পৰা টকা উঠোৱা হলেও সম্পূৰ্ণ নথি-পত্ৰ জমা দিয়া হোৱা নাই।
ইয়াৰ উপৰিও, ২০২৪-২৫ বৰ্ষত ৬০৪.৪০ কোটি টকাৰ অতিৰিক্ত ব্যয় বিধানসভাৰ অনুমোদনৰ অপেক্ষাত আছে। আনহাতে, ২০০৬-০৭ৰ পৰা ২০২৩-২৪লৈ ১১,৯৯৫.৬৯ কোটি টকাৰ অতিৰিক্ত ব্যয় এতিয়াও নিয়মীয়া নোহোৱাকৈ আছে।
CAGয়ে এই প্ৰতিবেদনত স্পষ্টকৈ কয় যে বাজেট অনুমোদন অবিহনে ব্যয় কৰাটো আৰ্থিক নিয়ম আৰু বিধানসভাৰ ইচ্ছাৰ উলংঘন। প্ৰতিবেদনখনত চৰকাৰী বিভাগসমূহত অধিক আৰ্থিক শৃংখলা আৰু জবাবদিহিতা নিশ্চিত কৰাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰা হৈছে।
