Global Assam News

Global and Local Assam News Website

দ্ৰৌপদী মুৰ্মু তিনিদিনীয়া চৰকাৰী ভ্ৰমণত ছিক্কিমত উপস্থিত

Oplus_131072

  • ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আজি গেংটকত উপস্থিত হয়।
  • ছিক্কিমলৈ তিনিদিনীয়া চৰকাৰী ভ্ৰমণত আহিছে ৰাষ্ট্ৰপতি।
  • ছিক্কিম বিশ্ববিদ্যালয়ৰ ৭ম সমাবর্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
  • ছিক্কিম আৰক্ষীক ‘President of India’s Police Colour’ প্ৰদান কৰিব।

ছিক্কিম বিশ্ববিদ্যালয়ৰ সমাবর্তনত অংশগ্ৰহণ, ছিক্কিম আৰক্ষীক ‘President’s Police Colour’ প্ৰদান কৰিব ৰাষ্ট্ৰপতিয়ে

সমগ্ৰ সমাচাৰ সেৱা
ছিক্কিম, ২৬ মে’:ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আজি ছিক্কিমৰ ৰাজধানী গেংটকত উপস্থিত হয়। ৰাষ্ট্ৰপতি তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ছিকিমলৈ আহিছে।
এই ভ্ৰমণকালত ৰাষ্ট্ৰপতিয়ে ছিক্কিম বিশ্ববিদ্যালয়ৰ ৭ম সমাবর্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু শিক্ষাৰ্থীসকলক সমাবর্তন ভাষণ প্ৰদান কৰিব।

ইয়াৰ উপৰিও, ৰাষ্ট্ৰপতিয়ে ছিক্কিম আৰক্ষীক ‘President of India’s Police Colour’ প্ৰদান কৰিব। এই সন্মান আৰক্ষী বাহিনীৰ অসাধাৰণ সেৱা, শৃংখলা আৰু কৰ্তব্যনিষ্ঠাৰ স্বীকৃতি হিচাপে প্ৰদান কৰা হয়।
ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণক লৈ ছিক্কিমত ব্যাপক উৎসাহ দেখা গৈছে আৰু ৰাজ্য চৰকাৰেও বিভিন্ন অনুষ্ঠানৰ বাবে বিশেষ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *