সদনত কোৰবাণীক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য
Oplus_131072
- সংখ্যালঘু অধ্যুষিত বহু ঠাইত গৰুৰ কোৰবাণী নকৰাৰ সিদ্ধান্তক স্বাগত মুখ্যমন্ত্ৰীৰ।
- এই সিদ্ধান্তে ৰাজ্যত সমন্বয় আৰু শান্তিৰ বাৰ্তা কঢ়িয়াইছে বুলি মন্তব্য।
- গৰু-হত্যাক লৈ বিভেদ সৃষ্টিকাৰীক সকীয়াই দিলে মুখ্যমন্ত্ৰীয়ে।
- ইছলামত গৰু কোৰবাণী বাধ্যতামূলক বুলি লিখা নাই বুলিও উল্লেখ।
- সদনত কোৰবাণীক লৈ মুখ্যমন্ত্ৰীৰ বক্তব্য
সংখ্যালঘু অধ্যুষিত অঞ্চলৰ সিদ্ধান্তক “সময়ৰ বাৰ্তা” বুলি অভিহিত মুখ্যমন্ত্ৰীৰ
সমগ্ৰ সমাচাৰ সেৱা
অসম, ২৬ মে’: অসম বিধানসভাত কোৰবাণীৰ বিষয়ত বক্তব্য ৰাখি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, এইবাৰ সংখ্যালঘু অধ্যুষিত বহু ঠাইত গৰুৰ কোৰবাণী নকৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই পদক্ষেপে ৰাজ্যত সম্প্ৰীতি আৰু সামাজিক সমন্বয়ৰ এক ইতিবাচক বাৰ্তা কঢ়িয়াইছে বুলি তেওঁ মন্তব্য কৰে।
মুখ্যমন্ত্ৰীয়ে কয় যে, এনে সিদ্ধান্তে বিভিন্ন সম্প্ৰদায়ৰ মাজত পাৰস্পৰিক সন্মান আৰু সহাবস্থানৰ মনোভাৱ শক্তিশালী কৰিব। সমাজত শান্তি বজাই ৰাখিবলৈ সকলো পক্ষই দায়িত্বশীল ভূমিকা ল’ব লাগে বুলিও তেওঁ সদনত উল্লেখ কৰে।
গৰু-হত্যাৰ বিষয়টোক লৈ কোনো পক্ষই বিভেদ সৃষ্টি কৰিব নালাগে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, এই বিষয়ত অশান্তি বিয়পাবলৈ চেষ্টা কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
মুখ্যমন্ত্ৰীয়ে তেওঁৰ বক্তব্যত কয় যে, ইছলাম ধৰ্মত গৰু কোৰবাণী দিয়াটো বাধ্যতামূলক বুলি ক’তো উল্লেখ নাই। এই মন্তব্যক কেন্দ্ৰ কৰি সদনত ব্যাপক আলোচনা হয়।
