ত্ৰিপুৰা বিজেপিৰ নতুন সভাপতি হিচাপে অভিষেক দেবৰায় নিযুক্ত
Oplus_131072
- ভাৰতীয় জনতা পাৰ্টীয়ে ত্ৰিপুৰা প্ৰদেশ সংগঠনত নতুন নেতৃত্ব ঘোষণা কৰিছে
- বিধায়ক অভিষেক দেবৰায়ক ত্ৰিপুৰা বিজেপিৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে
- নিযুক্তিৰ ঘোষণা কৰে বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব অৰুণ সিঙে
- এই নিযুক্তি তাৎক্ষণিকভাৱে কাৰ্যকৰী হ’ব বুলি জাননী প্ৰকাশ
- দলীয় সংগঠন অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ
- ২৮ মে’ত আনুষ্ঠানিক ঘোষণা
সংগঠন শক্তিশালী কৰিবলৈ বিজেপিৰ গুৰুত্বপূর্ণ সিদ্ধান্ত
সমগ্ৰ সমাচাৰ সেৱা
ত্ৰিপুৰা, ২৮ মে’: ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি নিতিন নবীনৰ অনুমোদনত ত্ৰিপুৰা বিজেপিৰ নতুন সভাপতি হিচাপে বিধায়ক অভিষেক দেবৰায়ক নিযুক্তি দিয়া হৈছে। ২৮ মে’, ২০২৬ তাৰিখে প্ৰকাশ কৰা এক আনুষ্ঠানিক জাননীত এই ঘোষণা কৰা হয়।
জাননীখনত উল্লেখ কৰা মতে, এই নিযুক্তি তাৎক্ষণিকভাৱে কার্যকৰী হ’ব।
বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব তথা মুখ্যালয় প্ৰভাৰী অৰুণ সিঙে স্বাক্ষৰ কৰা সংগঠনাত্মক নিযুক্তিৰ জাননীত কোৱা হৈছে যে, দলীয় সাংগঠনিক কার্যকলাপ অধিক শক্তিশালী আৰু সক্ৰিয় কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
অভিষেক দেবৰায়ৰ নেতৃত্বত ত্ৰিপুৰা বিজেপিয়ে আগন্তুক সময়ত সাংগঠনিক বিস্তাৰ আৰু ৰাজনৈতিক কার্যকলাপ অধিক গতিশীল কৰাৰ দিশত আগবাঢ়িব বুলি ৰাজনৈতিক মহলে মত প্ৰকাশ কৰিছে।
