২০২৭ চনৰ লোকপিয়লক লৈ চৰকাৰৰ কঠোৰ পদক্ষেপ
- ২০২৭ চনৰ লোকপিয়লৰ কামত নিয়োজিত কৰ্মচাৰীৰ বদলিৰ ওপৰত নিষেধাজ্ঞা
- কেন্দ্ৰীয় গৃহ সচিবৰ পত্ৰৰ ভিত্তিত অসম চৰকাৰৰ নিৰ্দেশ
- সকলো জিলা আয়ুক্তক প্রয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা
- লোকপিয়লৰ কাম সুচাৰুৰূপে সম্পন্ন কৰাৰ লক্ষ্য
- সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলক নিজ নিজ দায়িত্বত অব্যাহত ৰাখিবলৈ পদক্ষেপ
লোকপিয়লৰ প্ৰস্তুতিক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
সমগ্ৰ সমাচাৰ সেৱা
অসম, ২৯ মে’: ২০২৭ চনত অনুষ্ঠিত হ’বলগীয়া দেশব্যাপী লোকপিয়লৰ প্ৰস্তুতিক কেন্দ্ৰ কৰি অসম চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লোকপিয়লৰ কামত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলৰ বদলিৰ ওপৰত বাধা-নিষেধ আৰোপ কৰা হৈছে।
কেন্দ্ৰীয় গৃহ সচিবৰ এক পত্ৰৰ ভিত্তিত অসম চৰকাৰৰ কৰ্মচাৰী বিভাগে ৰাজ্যখনৰ সকলো জিলা আয়ুক্তলৈ প্রয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশ অনুসৰি লোকপিয়লৰ কামত জড়িত কৰ্মচাৰীসকলক অযথা বদলি নকৰিবলৈ কোৱা হৈছে।
চৰকাৰৰ এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে ২০২৭ চনৰ লোকপিয়লৰ কাম সুচাৰুৰূপে আৰু সময়মতে সম্পন্ন কৰা। অভিজ্ঞ আৰু প্ৰশিক্ষিত কৰ্মচাৰীসকলক নিজ নিজ দায়িত্বত অব্যাহত ৰাখিলে তথ্য সংগ্ৰহ আৰু পৰিচালনাৰ কাম অধিক কার্যকৰী হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।
অসমৰ সকলো জিলা প্রশাসনক এই নির্দেশ কঠোৰভাৱে অনুসৰণ কৰিবলৈ কোৱা হৈছে। লোকপিয়লৰ দৰে বৃহৎ ৰাষ্ট্ৰীয় কার্যসূচীৰ সফল ৰূপায়ণৰ বাবে প্রশাসনিক স্থিৰতা অতি প্ৰয়োজনীয় বুলি চৰকাৰী মহলে মত প্ৰকাশ কৰিছে।
