আত্মনিৰ্ভৰ অসম গঢ়াৰ লক্ষ্যৰে বাজেট প্ৰস্তুতৰ আহ্বান
- ২০২৬-২৭ বৰ্ষৰ বাবে নতুন চৰকাৰৰ প্ৰথম বাজেট প্ৰস্তুতি সন্দৰ্ভত বৈঠক
- লোক সেৱা ভৱনত বিত্ত বিভাগৰ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা
- জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি পূৰণৰ লক্ষ্যৰে কল্যাণমুখী বাজেট প্ৰস্তুতৰ নিৰ্দেশ
- উদ্যোগীকৰণ আৰু উদ্যোগ সৃষ্টিৰ ওপৰত বিশেষ গুৰুত্ব
২০২৬-২৭ বৰ্ষৰ প্ৰথম বাজেটক লৈ মুখ্যমন্ত্ৰীৰ বৈঠক
সমগ্ৰ সমাচাৰ সেৱা
অসম, ২৯ মে’: অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি লোক সেৱা ভৱনত বিত্ত বিভাগৰ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। বৈঠকত নতুন চৰকাৰৰ ২০২৬-২৭ বৰ্ষৰ প্ৰথম বাজেট প্ৰস্তুতি সম্পৰ্কে বিস্তৃত আলোচনা কৰা হয়।
বৈঠকত মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা এখন কল্যাণমুখী বাজেট প্ৰস্তুত কৰাৰ নিৰ্দেশ দিয়ে। তেওঁ বাজেটত সমাজৰ সকলো শ্ৰেণীৰ উন্নয়ন আৰু জনকল্যাণমূলক আঁচনিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাৰ কথাও উল্লেখ কৰে।
মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনক আত্মনিৰ্ভৰ কৰি তোলাৰ লক্ষ্যৰে উদ্যোগীকৰণ আৰু উদ্যোগ সৃষ্টিৰ ওপৰত বিশেষ গুৰুত্ব দিবলৈ আহ্বান জনায়। বিশেষকৈ যুৱসমাজৰ বাবে নতুন কৰ্মসংস্থান সৃষ্টি, বিনিয়োগ বৃদ্ধি আৰু ক্ষুদ্ৰ-মধ্যম উদ্যোগৰ বিকাশত বাজেটত অধিক প্ৰাধান্য দিয়া হ’ব বুলি সূত্ৰই প্ৰকাশ কৰিছে।
