Global Assam News

Global and Local Assam News Website

মণিপুৰ চৰকাৰলৈ ANSAM-ৰ কঠোৰ আলটিমেটাম

Oplus_131072

  • মণিপুৰ চৰকাৰলৈ ANSAM-ৰ চাৰি দিনীয়া আলটিমেটাম
  • ছয়জন লিয়াংমাই নাগা অপহৃত লোকৰ সন্ধান আৰু সুৰক্ষিত মুক্তিৰ দাবী
  • দুজন পাষ্টৰসহ অপহৃতসকলক নাগা সমাজৰ হাতত চমজাই দিয়াৰ আহ্বান
  • দাবী পূৰণ নহ’লে চৰকাৰ বয়কটৰ হুংকাৰ
  • নাগা বিধায়কসকলক চৰকাৰৰ পৰা সমৰ্থন প্রত্যাহাৰৰ আহ্বানৰ সম্ভাৱনা

সমগ্ৰ সমাচাৰ সেৱা
মণিপুৰ, ২৯ মে’: মণিপুৰত All Naga Students’ Association, Manipur-এ ৰাজ্য চৰকাৰলৈ চাৰি দিনীয়া আলটিমেটাম জাৰি কৰিছে। সংগঠনটোৱে অভিযোগ কৰিছে যে #Kuki উগ্ৰপন্থীয়ে অপহৰণ কৰা ছয়জন লিয়াংমাই নাগা লোকৰ অৱস্থান আৰু শাৰীৰিক অৱস্থা চৰকাৰে তৎকালে নিশ্চিত কৰিব লাগিব।

ANSAM-ৰ মতে, অপহৃতসকলৰ ভিতৰত দুজন পাষ্টৰো অন্তর্ভুক্ত আছে। সংগঠনটোৱে দাবী কৰিছে যে অপহৃতসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰি নাগা সমাজৰ হাতত চমজাই দিব লাগিব। এই আলটিমেটাম ২৯ মে’ৰ পৰা কার্যকৰী হৈছে বুলি জানিব পৰা গৈছে।

সংগঠনটোৱে স্পষ্টকৈ জনাইছে যে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত চৰকাৰে কার্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে নাগা সমাজে বৰ্তমানৰ মণিপুৰ চৰকাৰক সামূহিকভাৱে বয়কট কৰিব পাৰে। লগতে চৰকাৰক সমৰ্থন জনাই থকা নাগা বিধায়কসকলকো সমৰ্থন প্রত্যাহাৰৰ বাবে আহ্বান জনোৱাৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰা হৈছে।

এই ঘটনাক কেন্দ্ৰ কৰি মণিপুৰৰ পাহাৰীয়া অঞ্চলসমূহত পুনৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা দেখা দিছে। ৰাজ্য চৰকাৰৰ পদক্ষেপক লৈ এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *