April 21, 2026

Global Assam News

Global and Local Assam News Website

কাৰ্ডিয়াক এৰেষ্টত আক্রান্ত কিংবদন্তি গায়িকা আশা ভোছলে

কাৰ্ডিয়াক এৰেষ্টত আক্রান্ত কিংবদন্তি গায়িকা আশা ভোছলে
  • আশা ভোছলে কাৰ্ডিয়াক এৰেষ্টত আক্রান্ত হৈ চিকিৎসালয়ত ভর্তিকৃত
  • মুম্বাইৰ ব্রিচ কেণ্ডি হাস্পতালত ICUত চিকিৎসাধীন
  • ঘৰতে অসুস্থ হৈ অচেতন হোৱাৰ পিছত ভর্তিকৰণ
  • চিকিৎসকৰ তত্বাৱধানত অৱস্থা নিবিড়ভাৱে পৰ্যবেক্ষণ

সমগ্ৰ সমাচাৰ সেৱা

অসম, ১২ এপ্ৰিল:মুম্বাইৰ ব্রিচ কেণ্ডি হাস্পতালত জৰুৰীকালীন ইউনিটত চিকিৎসাধীন আশা ভোছলে ,বর্ষীয়ান সংগীতশিল্পী আশা ভোছলেক মুম্বাইৰ এখন চিকিৎসালয়ত ভর্তিকৰা হৈছে। সূত্র অনুসৰি শনিবাৰে বিয়লি তেওঁক মুদাইধ ব্রিচ কেডি হাস্পতালত ভর্তি কৰোৱা হয়। তেওঁ কার্ডিয়াক এৰেষ্টত আক্রান্ত হৈছে। নিজৰ ঘৰতে আছিল কিংবদন্তি নেপথ্য কণ্ঠশিল্পীগৰাকী। কার্ডিয়াক এৰেষ্টত আক্রান্ত হৈ পৰাত তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্রেৰণ কৰা হয়।

৯৩ বছৰীয়া সংগীত কিংবদন্তিৰ স্বাস্থ্য অৱস্থাত চিকিৎসকৰ তীক্ষ্ণ নজৰ

চিকিৎসালয়ৰ সূত্র অনুসৰি বৰ্তমান তেওঁক জৰুৰীকালীন চিকিৎসা সেৱা ইউনিটত ৰখা হৈছে। চিকিৎসকে তেওঁৰ শাৰীৰিক অৱস্থাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। চিকিৎসালয়ৰ চিকিৎসক প্রতীত সামদানীয়ে তেওঁৰ ভৰ্তিৰ বিষয়টো নিশ্চিত কৰে।

দুপৰীয়া গৃহকর্মীগৰাকীয়ে দেখে যে প্রবীণ শিল্পীগৰাকীয়ে অসুস্থবোধ কৰিছে আৰু অচেতন হ’বলৈ ওলাইছে। তেওঁ খৰধৰকৈ ঘৰৰ সদস্যসকলক মাতে। লগে লগে আশা ভোছলেক চিকিৎসালয়লৈ লৈ যোৱা হয়।

৯৩ বছৰীয়া আশা ভোছলে ভাৰতীয় সংগীত জগতৰ অন্যতম শ্রেষ্ঠ আৰু বহুমুখী কণ্ঠশিল্পী হিচাপে পৰিচিত। সাত দশকৰো অধিক সময় জুৰি  বিভিন্ন ভাষা আৰু ধাৰাত হাজাৰ হাজাৰ গীত গাই দর্শকক মন্ত্রমুগ্ধ কৰি আহিছে।

১৯৩৩ চনৰ ৮ ছেপ্টেম্বৰত জন্মগ্রহণ কৰা আশা ভোছলে প্রয়াত কিংবদন্তি গায়িকা লতা মংগেশকাৰৰ ভগ্নী। ঘৰতে সংগীতৰ পৰিৱেশত ডাঙৰ-দীঘল হৈছিল। ১৯৪৮ চনত ‘চুনাৰীয়া’ চিনেমাৰ ‘শাৱন আয়া’ গীতেৰে বলীউডত অভিষেক ঘটায়। ইয়াৰ পূৰ্বে তেওঁ মাৰাঠী ভাষাত গীত  গাইছিল।

শচীন দেৱবর্মন, ৰাহুল দেৱবৰ্মন, এ আৰ ৰহমান আদি সকলো শীর্ষ সুৰকাৰ আৰু সংগীতজ্ঞৰ সৈতে কাম কৰি আহিছে। দুটাকৈ ৰাষ্ট্ৰী চলচ্চিত্র বঁটাও লাভ কৰিছে। হিন্দীৰ বাহিৰেও তেওঁ ২০টা ভাৰতীয় আৰু বিদেশী ভাষাত গীত গাইছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *