Global Assam News

Global and Local Assam News Website

অসমত ৫ বছৰত ২ লাখ চৰকাৰী চাকৰি সৃষ্টিৰ লক্ষ্য

Oplus_131072

  • অসমত আগন্তুক ৫ বছৰত ২ লাখ চৰকাৰী চাকৰি সৃষ্টিৰ লক্ষ্য
  • বিভিন্ন বিভাগত খালী পদ আৰু অৱসৰৰ তথ্য সংগ্ৰহৰ নিৰ্দেশ
  • স্বচ্ছ আৰু তৎপৰ নিয়োগ ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব
  • দূৰ্গম অঞ্চলত জনবল বৃদ্ধিৰ বাবে বিশেষ নীতিৰ আলোচনা
  • চৰকাৰী চাকৰিৰ সমান্তৰালভাৱে আত্মনিয়োগ আৰু উদ্যোগীকৰণতো জোৰ

মুখ্যমন্ত্ৰীৰ সভাপতিত্বত টাস্ক ফ’ৰ্চৰ বিস্তৃত পৰ্যালোচনা বৈঠক

সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ২৮ মে’: অসমত আগন্তুক পাঁচ বছৰত ২ লাখ চৰকাৰী চাকৰি সৃষ্টিৰ লক্ষ্য পূৰণৰ উদ্দেশ্যে গঠন কৰা টাস্ক ফ’ৰ্চৰ কাৰ্যকৰীকৰণ সন্দৰ্ভত আজি এক বিস্তৃত পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত চৰকাৰৰ সংকল্প পত্ৰ আৰু ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি আগবঢ়োৱা পদক্ষেপসমূহৰ ওপৰত আলোচনা কৰা হয়।
বৈঠকত বিভিন্ন বিভাগ, ক্ষেত্ৰীয় কাৰ্যালয়, স্বায়ত্তশাসিত সংস্থা, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, মিছন আৰু সমাজসমূহত বৰ্তমান আৰু আগন্তুক সময়ত সম্ভাব্য খালী পদসমূহ চিহ্নিত কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। লগতে বিভাগভিত্তিক অৱসৰৰ সম্ভাব্য সংখ্যা আৰু ক্ষেত্ৰীয় কাৰ্যালয়সমূহত গ্ৰেডভিত্তিক খালী পদৰ মূল্যায়নো কৰা হয়।

চৰকাৰে বিভিন্ন বিভাগত প্ৰত্যক্ষ নিয়োগৰ খালী পদসমূহ চিহ্নিত কৰি নিয়োগ প্ৰক্ৰিয়া অধিক স্বচ্ছ, সুসংগঠিত আৰু সময়োপযোগী কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। দূৰ্গম আৰু কঠিন অঞ্চলসমূহত জনবলৰ অভাৱ দূৰ কৰিবলৈ উপযুক্ত নীতি আৰু প্ৰণোদনাৰ বিষয়তো আলোচনা হয়।

চৰকাৰী চাকৰিৰ লগতে CMAAA আৰু আন সহযোগী আঁচনিৰ জৰিয়তে আত্মনিয়োগ আৰু উদ্যোগীকৰণ বৃদ্ধিৰ ক্ষেত্ৰতো আলোচনা কৰা হয়। লগতে বিভাগভিত্তিক বাৎসৰিক নিয়োগ লক্ষ্য, কাৰ্যকৰী ৰূপায়ণ আৰু নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ দিশতো পৰিকল্পনা গ্ৰহণ কৰা হয়।

উল্লেখযোগ্য যে চৰকাৰৰ পূৰ্বৱৰ্তী কাৰ্যকালত ADRE আৰু বিভাগীয় নিয়োগ প্ৰক্ৰিয়াৰ জৰিয়তে ইতিমধ্যে ১.৬৪ লাখৰো অধিক নিয়োগ সম্পন্ন কৰা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *