ইণ্ডিয়ান অইল কৰ্পোৰেচন : অসমত LPG গেছৰ কোনো সংকট নাই
- অসমত বৰ্তমান LPG গেছৰ কোনো সংকট নাই বুলি স্পষ্ট কৰিলে
- ইণ্ডিয়ান অইল কৰ্পোৰেচনে নগৰাঞ্চলত ২৫ দিনৰ ভিতৰত পুনৰ বুকিং কৰাৰ সুবিধা
- গ্ৰামাঞ্চলত ৪৬ দিনৰ ভিতৰত গেছ বুকিং কৰাৰ নিয়ম বলবৎ
- উজ্জ্বলা আঁচনিৰ গ্ৰাহকৰ বাবে e-KYC বাধ্যতামূলক
সমগ্ৰ সামাচাৰ সেৱা
গুৱাহাটী, ৯ এপ্ৰিল: অসমত LPG ৰ অভাৱ হোৱা বুলি সামাজিক মাধ্যমত চলি থকা কিছু খৱৰৰ মাজতে ইণ্ডিয়ান অইল কৰ্পোৰেচনে স্পষ্ট কৰিছে যে ৰাজ্যখনত বৰ্তমান গেছৰ কোনো সংকট নাই। সংস্থাটোৱে জনোৱা মতে, গ্ৰাহকসকলক নিয়মীয়াকৈ সময়মতে গেছ যোগান ধৰা হৈছে আৰু বিতৰণ ব্যৱস্থা স্বাভাৱিকভাৱে চলি আছে।
সংস্থাৰ সূত্ৰই জনোৱা মতে, যোগান ব্যৱস্থাত কোনো ধৰণৰ বিঘিনি নাই আৰু গ্ৰাহকসকলে নিশ্চিন্তে নিজৰ প্ৰয়োজন অনুসৰি গেছ বুকিং কৰিব পাৰে।
বুকিং সময়সীমা সন্দৰ্ভত স্পষ্টীকৰণ
ইণ্ডিয়ান অইল কৰ্পোৰেচনে গ্ৰাহকসকলৰ সুবিধাৰ বাবে বুকিং সময়সীমা সম্পৰ্কেও স্পষ্ট তথ্য আগবঢ়াইছে। সেই অনুসৰি—
নগৰাঞ্চলৰ গ্ৰাহকসকলে ২৫ দিনৰ ভিতৰত পুনৰ দ্বিতীয়টো LPG বুকিং কৰিব পাৰিব আৰু গ্ৰামাঞ্চলৰ গ্ৰাহকসকলে ৪৫ দিনৰ ভিতৰত বুকিং কৰিব পাৰিব।
এই ব্যৱস্থাই যোগান ব্যৱস্থাক সুসংগঠিত কৰি ৰাখিবলৈ সহায় কৰে বুলি সংস্থাটোৱে জনাইছে।
উজ্জ্বলা আঁচনিৰ গ্ৰাহকৰ বাবে e-KYC বাধ্যতামূলক
প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অন্তৰ্গত LPG গ্ৰাহকসকলৰ বাবে e-KYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাটো বাধ্যতামূলক কৰা হৈছে। লগতে যিসকল গ্ৰাহকে ৯ মাহ ধৰি LPG গেছ লাভ কৰা নাই, তেওঁলোকেও নিজৰ সংযোগ সক্ৰিয় কৰি ৰাখিবলৈ e-KYC সম্পূৰ্ণ কৰিব লাগিব বুলি জাননী জাৰি কৰা হৈছে।
ইণ্ডিয়ান অইল কৰ্পোৰেচনে সকলো গ্ৰাহকক সময়মতে e-KYC সম্পূৰ্ণ কৰি গেছ সংযোগ অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে। এই ব্যৱস্থাই স্বচ্ছতা বৃদ্ধি কৰাৰ লগতে প্ৰকৃত উপভোক্তা সকলক সুবিধা নিশ্চিত কৰিব বুলি সংস্থাটোৱে উল্লেখ কৰিছে।
