বাব আল-মাণ্ডেব বন্ধ হ’লে ভাৰত আৰু বিশ্বৰ ওপৰত কি প্ৰভাৱ পৰিব?
পূনম শৰ্মা
ইৰান, আমেৰিকা আৰু ইজৰাইলৰ মাজৰ উত্তেজনা বাঢ়ি যোৱাৰ লগে লগে বিশ্বজুৰি আৰু এটা গুৰুত্বপূৰ্ণ সামুদ্ৰিক পথক লৈ উদ্বেগ বৃদ্ধি পাইছে। হৰমুজ প্ৰণালী ইতিমধ্যে উত্তেজনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে যদিও এতিয়া বাব আল-মাণ্ডেব প্ৰণালীকো লক্ষ্য কৰাৰ হুমকি আহিছে। যদি এই পথ বন্ধ হৈ যায়, তেন্তে ইয়াৰ প্ৰভাৱ কেৱল মধ্যপ্ৰাচ্যতেই সীমাবদ্ধ নাথাকিব, ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ অৰ্থনীতিৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব।
বাব আল-মাণ্ডেব ক’ত অৱস্থিত?
বাব আল-মাণ্ডেব প্ৰণালী য়েমেন আৰু আফ্ৰিকাৰ হৰ্ণ অঞ্চলৰ মাজত অৱস্থিত। ই ৰেড ছিক গাল্ফ অৱ এডেনৰ সৈতে সংযোগ কৰে আৰু তাৰ পিছত ইণ্ডিয়ান অ’চেনলৈ যায়। এছিয়া আৰু ইউৰোপৰ মাজত চলাচল কৰা বহু জাহাজ এই পথ ব্যৱহাৰ কৰে।
এই পথটো অতি সংকীৰ্ণ। সৰ্বাধিক সংকীৰ্ণ অংশত ইয়াৰ প্ৰস্থ মাত্ৰ ২৯ কিলোমিটাৰ। সেইবাবে ইয়াত যিকোনো ধৰণৰ সামৰিক সংঘাত বা আক্ৰমণে সহজে সামুদ্ৰিক যাতায়াত ব্যাহত কৰিব পাৰে।
কিয় ইমান গুৰুত্বপূৰ্ণ এই পথ?
বিশ্বৰ প্ৰায় ১০ শতাংশ বাণিজ্য বাব আল-মাণ্ডেবৰ মাজেৰে যায়। গাল্ফ দেশসমূহৰ পৰা ইউৰোপলৈ যোৱা বহু তেল, গেছ আৰু অন্যান্য পণ্য এই পথ ব্যৱহাৰ কৰে। বিশেষকৈ সৌদি আৰৱৰ তেল ৰপ্তানিৰ বাবে এই পথ অতি গুৰুত্বপূৰ্ণ।
ইতিমধ্যে হৰমুজ প্ৰণালীক লৈ উত্তেজনা বাঢ়ি আছে। হৰমুজৰ মাজেৰে সাধাৰণতে বিশ্বৰ প্ৰায় ২০ শতাংশ তেল আৰু গেছ পৰিবহণ হয়। যদি হৰমুজ আৰু বাব আল-মাণ্ডেব দুয়োটা পথ একেলগে বন্ধ হয়, তেন্তে বিশ্বৰ প্ৰায় এক-চতুৰ্থাংশ তেল আৰু গেছ যোগান ব্যাহত হ’ব পাৰে।
ভাৰতৰ ওপৰত কি প্ৰভাৱ পৰিব?
ভাৰত নিজৰ প্ৰয়োজনীয় তেলৰ ৮০ শতাংশৰো অধিক বিদেশৰ পৰা আমদানি কৰে। সেয়েহে এই ধৰণৰ যিকোনো সামুদ্ৰিক সংকটে ভাৰতৰ ওপৰত ডাঙৰ প্ৰভাৱ পেলাব।
যদি বাব আল-মাণ্ডেব বন্ধ হয়, তেন্তে কেঁচা তেলৰ মূল্য বহুত বাঢ়িব পাৰে। ইয়াৰ ফলত পেট্ৰ’ল, ডিজেল, গেছ চিলিণ্ডাৰ আৰু বিদ্যুতৰ খৰচো বৃদ্ধি পাব। পৰিবহণ ব্যয় বাঢ়িলে খাদ্য সামগ্ৰী, দৈনন্দিন ব্যৱহাৰৰ বস্তু আৰু শিল্প উদ্যোগৰ উৎপাদন খৰচো বৃদ্ধি পাব।
ইয়াৰ লগতে ইউৰোপলৈ ভাৰতৰ ৰপ্তানিৰ ওপৰতো প্ৰভাৱ পৰিব। ভাৰতৰ বহু কাপোৰ, ঔষধ, যন্ত্ৰাংশ আৰু অন্যান্য পণ্য ৰেড ছি হৈ ইউৰোপলৈ যায়। যদি জাহাজসমূহক বিকল্প পথ ব্যৱহাৰ কৰিবলগীয়া হয়, তেন্তে সময় আৰু খৰচ দুয়োটাই বৃদ্ধি পাব।
বিকল্প পথ কিমান কার্যকৰী?
যদি বাব আল-মাণ্ডেব বন্ধ হয়, বহু জাহাজে আফ্ৰিকাৰ দক্ষিণ প্ৰান্তৰ কেপ অৱ গুড হ’প ঘূৰি ইউৰোপলৈ যাব লাগিব। এই পথ বহুত দীঘল আৰু ব্যয়বহুল। ইয়াৰ ফলত জাহাজৰ ইন্ধন ব্যয় বৃদ্ধি পাব আৰু পণ্যসমূহ গন্তব্যস্থানত পোৱাত বহু দিন বেছি লাগিব।
এই ধৰণৰ পৰিস্থিতিয়ে ২০২০ চনৰ কভিড সময়ৰ দৰে পুনৰ বিশ্বজুৰি যোগান ব্যৱস্থাত সমস্যা সৃষ্টি কৰিব পাৰে। বহু পণ্যৰ অভাৱ, মূল্যবৃদ্ধি আৰু দেৰি হোৱাৰ সমস্যা দেখা দিব পাৰে।
হৌথি গোটৰ ভূমিকা
য়েমেনৰ হৌথি গোট ইতিমধ্যে এই পথত আক্ৰমণ চলাব পৰা ক্ষমতা দেখুৱাইছে। গাজা যুদ্ধৰ সময়ত তেওঁলোকে ইজৰাইল বা আমেৰিকাৰ সৈতে জড়িত বুলি ধৰা বহু জাহাজক লক্ষ্য কৰি আক্ৰমণ কৰিছিল।
বিশেষজ্ঞসকলৰ মতে, যদি হৌথি গোটে পুনৰ জাহাজৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে, তেন্তে কেৱল কেইটামান আক্ৰমণেই বাণিজ্যিক জাহাজ চলাচল বন্ধ কৰিবলৈ যথেষ্ট হ’ব পাৰে। কাৰণ জাহাজ কোম্পানীসমূহে নিজৰ জাহাজ আৰু কৰ্মচাৰীৰ জীৱন বিপদত পেলাব নিবিচাৰে।
আগন্তুক সময়ত কি হ’ব পাৰে?
এই পৰিস্থিতি বিশ্ব অৰ্থনীতিৰ বাবে এক ডাঙৰ সংকেত। ইউৰোপত শক্তিৰ সংকট গভীৰ হ’ব পাৰে, এছিয়াত ৰপ্তানি ব্যাহত হ’ব পাৰে আৰু ভাৰতৰ দৰে তেল আমদানিনিৰ্ভৰ দেশসমূহত মূল্যবৃদ্ধি তীব্ৰ হ’ব পাৰে।
ভাৰতৰ বাবে এতিয়া বিকল্প তেল উৎস বিচৰা, কৌশলগত তেল ভাণ্ডাৰ বৃদ্ধি কৰা আৰু সামুদ্ৰিক বাণিজ্যৰ নতুন পথ চিন্তা কৰাৰ সময় আহি পৰিছে।
