কয়লা ইণ্ডিয়াৰ শ্বেয়াৰ বিক্ৰীৰ ঘোষণা কেন্দ্ৰৰ
- কেন্দ্ৰীয় চৰকাৰে কয়লা ইণ্ডিয়াত Offer for Sale (OFS) ঘোষণা কৰিছে
- ভিত্তিগতভাৱে ১% ইকুইটি শ্বেয়াৰ বিক্ৰী কৰা হ’ব
- অধিক চাহিদা হ’লে অতিৰিক্ত ১% Green Shoe Option প্ৰয়োগ কৰা হ’ব
- OFS-ৰ মূল্য প্ৰতিটো শ্বেয়াৰৰ বাবে ৪১২ টকা নিৰ্ধাৰণ
- ঘোষণা কৰিছে Department of Investment and Public Asset Management (DIPAM)-এ
১% ইকুইটি OFS, অধিক চাহিদা হ’লে থাকিব অতিৰিক্ত ১% গ্ৰীণ শ্বু অপশ্যন
সমগ্ৰ সমাচাৰ সেৱা
অসম, ২৭ মে’: কেন্দ্ৰীয় চৰকাৰে বৃহৎ ৰাজহ সংগ্ৰহ আৰু জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ লক্ষ্যৰে কয়লা ইণ্ডিয়াত Offer for Sale (OFS) ঘোষণা কৰিছে।
Department of Investment and Public Asset Management (DIPAM)-এ জানিবলৈ দিয়া মতে, এই OFS-ৰ অধীনত প্ৰথম পৰ্যায়ত কোম্পানীটোৰ ১ শতাংশ ইকুইটি শ্বেয়াৰ বিক্ৰী কৰা হ’ব। ইয়াৰ উপৰিও, যদি বিনিয়োগকাৰীৰ চাহিদা অধিক হয়, তেন্তে অতিৰিক্ত ১ শতাংশ শ্বেয়াৰ Green Shoe Option-ৰ জৰিয়তে বিক্ৰী কৰাৰ ব্যৱস্থা থাকিব।
DIPAM-এ OFS-ৰ বাবে প্ৰতিটো শ্বেয়াৰৰ মূল্য ৪১২ টকা ধাৰ্য কৰিছে। এই পদক্ষেপে চৰকাৰৰ disinvestment কাৰ্যসূচীক অধিক গতি দিয়াৰ লগতে পুঁজিবজাৰত বিনিয়োগকাৰীৰ আগ্ৰহো বৃদ্ধি কৰিব বুলি ধাৰণা কৰা হৈছে।
উল্লেখযোগ্য যে, কয়লা ইণ্ডিয়া দেশৰ আটাইতকৈ বৃহৎ কয়লা উৎপাদনকাৰী পাব্লিক ছেক্টৰ কোম্পানীসমূহৰ ভিতৰত অন্যতম।
