গুৱাহাটীৰ পৰা নতুন দিল্লীলৈ ইডিৰ অভিযান
Oplus_131072
- অবৈধ IPL ক্ৰিকেট বেটিং চক্ৰৰ তদন্তত ইডিৰ অভিযান
- গুৱাহাটী, তিনিচুকীয়া আৰু নতুন দিল্লীত চলিল তালাচী
- একাধিক স্থানত জব্দ কৰা হৈছে নথি-পত্ৰ আৰু ডিজিটেল সামগ্ৰী
- বৃহৎ পৰিসৰৰ বেটিং নেটৱৰ্কৰ সন্ধানত তদন্ত অব্যাহত
IPL বেটিং চক্ৰৰ তদন্তত একাধিক স্থানত তালাচী
সমগ্ৰ সমাচাৰ সেৱা
অসম, ২৮ মে’: অবৈধ IPL ক্ৰিকেট বেটিং ৰেকেটৰ তদন্তৰ অংশ হিচাপে Enforcement Directorate চমুকৈ ইডিয়ে অসম আৰু দিল্লীৰ বিভিন্ন স্থানত ব্যাপক তালাচী অভিযান চলায়। তদন্তৰ অংশ হিচাপে গুৱাহাটী, তিনিচুকীয়া আৰু নতুন দিল্লীৰ একাধিক ঠাইত এই অভিযান সম্পন্ন কৰা হয়।
সূত্ৰ অনুসৰি, এই বেটিং চক্ৰটোৰ সৈতে জড়িত থকা সন্দেহত কেইবাজন ব্যক্তি আৰু ব্যৱসায়িক সংযোগৰ ওপৰত নজৰ ৰাখিছিল তদন্তকাৰী সংস্থাই। অভিযান চলোৱা সময়ত বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ, মোবাইল ফোন, লেপটপ আৰু অন্যান্য ডিজিটেল ডিভাইচ জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে।
ইডিয়ে সন্দেহ প্ৰকাশ কৰিছে যে অনলাইন প্লেটফৰ্ম আৰু হাৱালা লেনদেনৰ জৰিয়তে বৃহৎ পৰিসৰত অবৈধ ধনৰ লেনদেন সংঘটিত হৈছিল। IPL মেচসমূহক কেন্দ্ৰ কৰি চলা এই বেটিং নেটৱৰ্কৰ সৈতে আন্তঃৰাজ্যিক সংযোগ থকাৰ সম্ভাৱনাও উত্থাপিত হৈছে।
তদন্তকাৰী বিষয়াসকলে বৰ্তমান জব্দ কৰা সামগ্ৰীসমূহ বিশ্লেষণ কৰি অধিক তথ্য সংগ্ৰহৰ চেষ্টা চলাই আছে। ঘটনাটোক কেন্দ্ৰ কৰি ক্ৰীড়া বেটিং আৰু অবৈধ আৰ্থিক লেনদেনৰ বিষয়টো পুনৰ চৰ্চালৈ আহিছে।
