April 22, 2026

Global Assam News

Global and Local Assam News Website

কামৰূপ মহানগৰত কাইলৈ ভোটগ্ৰহণ: প্ৰস্তুতি সম্পূৰ্ণ প্ৰশাসনৰ

কামৰূপ মহানগৰত কাইলৈ ভোটগ্ৰহণ: প্ৰস্তুতি সম্পূৰ্ণ প্ৰশাসনৰ
  • কামৰূপ মহানগৰ জিলাত কাইলৈ ৫টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
  • মুঠ ভোটাৰ সংখ্যা: ১০,৫৫,২৮৮ জন।
  • জিলাখনত স্থাপন কৰা হৈছে১,২১৮টা ভোটগ্ৰহণ কেন্দ্ৰ।\
  • প্ৰতিটো কেন্দ্ৰত একোটাকৈ “আদৰ্শ কেন্দ্ৰ” ও সাজু কৰা হৈছে।
  • ৫টা সমষ্টিত ১০ লাখৰো অধিক ভোটাৰে নিৰ্ণয় কৰিব ভাগ্য

সমগ্ৰ সামাচাৰ সেৱা
গুৱাহাটী ৮, এপ্ৰিল: কামৰূপ মহানগৰ জিলাত কাইলৈ অনুষ্ঠিত হ’ব লগা ভোটগ্ৰহণৰ বাবে ইতিমধ্যে জিলা প্ৰশাসনে সম্পূৰ্ণ প্ৰস্তুতি সম্পন্ন কৰিছে । এইবাৰ কামৰূপ মহানগৰৰ ৫টা বিধানসভা সমষ্টিত মুঠ ১০,৫৫,২৮৮ জন ভোটাৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ প্ৰয়োগ কৰিব। শান্তিপূৰ্ণ আৰু সুশৃঙ্খল ভোটগ্ৰহণ নিশ্চিত কৰিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰশাসনে জনাইছে।

সমষ্টিভিত্তিক ভোটাৰৰ সংখ্যা

প্ৰাপ্ত তথ্য অনুসৰি ৫টা সমষ্টিত ভোটাৰৰ সংখ্যা ক্ৰমে এনেদৰে—
দিছপুৰ সমষ্টিত ২,৪৪,৭২৫ জন ভোটাৰ
ডিমৰীয়া সমষ্টিত ২,১৮,১৫৮ জন ভোটাৰ
নিউ গুৱাহাটী সমষ্টিত ১,৯২,১৪৮ জন ভোটাৰ
চেণ্ট্ৰেল গুৱাহাটী সমষ্টিত ১,৯২,৬১৫ জন ভোটাৰ
জালুকবাৰী সমষ্টিত ২,০৭,৬৪২ জন ভোটাৰ

এই বৃহৎ সংখ্যক ভোটাৰৰ অংশগ্ৰহণে গণতান্ত্ৰিক উৎসৱৰ ৰূপ ল’ব বুলি আশা প্ৰকাশ কৰিছে প্ৰশাসনে।

১,২১৮টা ভোটগ্ৰহণ কেন্দ্ৰত এটাকৈ আদৰ্শ কেন্দ্ৰৰ ব্যৱস্থা

জিলাখনত সুশৃংখল ৰূপে ভোট গ্ৰহণ সম্পন্ন কৰিবলৈ সৰ্বমুঠ ১,২১৮টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। উল্লেখযোগ্য যে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত একোটাকৈ “আদৰ্শ কেন্দ্ৰও” নিৰ্মাণ কৰা হৈছে। কেন্দ্ৰসমূহত পানী,শৌচাগাৰ, বিশ্ৰামৰ ব্যৱস্থা আৰু সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰা হৈছে।

ভোটগ্ৰহণ কৰ্মচাৰীৰ ৰাওনা

ইতিমধ্যে সকলো প’লিং আৰু প্ৰেছাইডিং বিষয়া নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে। কাইলৈ পুৱা ৭ বজাৰ পৰা তেওঁলোকে কেন্দ্ৰসমূহত উপস্থিত হৈ ভোটগ্ৰহণৰ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিব। প্ৰশাসনৰ তথ্য অনুসৰি কাইলৈ পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হ’ব। সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে শান্তিপূৰ্ণ পৰিৱেশত ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলৈ সকলো দিশত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।জিলা প্ৰশাসনে সকলো ভোটাৰক সময়মতে কেন্দ্ৰলৈ আহি নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰিবলৈ আহ্বান জনাইছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *