কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্পত গতি আনিবলৈ বৈঠক, ভূমি অধিগ্ৰহণ ত্বৰান্বিত কৰাৰ নিৰ্দেশ
- কালিয়াবৰ–নুমলীগড় ৪-লেনযুক্ত পথ প্ৰকল্পক লৈ উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত।
- কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্পৰ অংশ হিচাপে ৮৫.৬৭৫ কিলোমিটাৰ পথ নিৰ্মাণ হ’ব।
- প্ৰকল্পত ৩৪.৪৫৫ কিলোমিটাৰ এলিভেটেড কৰিডৰ অন্তৰ্ভুক্ত।
- প্ৰকল্পৰ আনুমানিক ব্যয় ধৰা হৈছে ₹৬,৯৫৬.৭৩ কোটি।
কাৰ্বি আংলঙ অংশত ভূমি অধিগ্ৰহণ আৰু সম্পত্তি মূল্যায়ন ত্বৰান্বিত কৰাৰ নিৰ্দেশ।
সমগ্ৰ সমাচাৰ সেৱা
অসম, ২৭ মে’: অসমত পথ-যোগাযোগ ব্যৱস্থা অধিক উন্নত কৰাৰ লক্ষ্যৰে কালিয়াবৰ–নুমলীগড় ৪-লেনযুক্ত পথ প্ৰকল্পৰ অগ্ৰগতিৰ বাবে আজি এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত NHAI-ৰ আঞ্চলিক বিষয়া, বিশেষ আয়ুক্ত, PWD (B&NH)-ৰ বিশেষ সচিব, Environment, Forest & Climate Change বিভাগৰ বিশেষ মুখ্য সচিব আৰু KAAC-ৰ ব্যক্তিগত সচিব উপস্থিত থাকে।
এই বৈঠকত NH-37 (নতুন NH-715)-ৰ অধীনত কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্পৰ অংশ হিচাপে কাৰ্বি আংলঙ জিলাৰ 3G Award সম্পৰ্কীয় বিভিন্ন বিষয় আলোচনা কৰা হয়। প্ৰকল্পটো নগাঁও, কাৰ্বি আংলঙ আৰু গোলাঘাট জিলাত মুঠ ৮৫.৬৭৫ কিলোমিটাৰ এলেকাজুৰি বিস্তৃত হ’ব। ইয়াৰ ভিতৰত ৩৪.৪৫৫ কিলোমিটাৰ এলিভেটেড কৰিডৰ নিৰ্মাণ কৰা হ’ব।
বৈঠকত বিশেষকৈ কাৰ্বি আংলঙ অংশত সম্পত্তিৰ মূল্যায়ন আৰু ক্ষতিপূৰণ নিৰ্ধাৰণৰ বিষয়ত আলোচনা হয়। সংশ্লিষ্ট বিভাগসমূহক ভূমি অধিগ্ৰহণৰ কাম দ্ৰুতগতিত সম্পন্ন কৰাৰ লগতে সকলো প্ৰয়োজনীয় প্ৰক্ৰিয়া শীঘ্ৰে সমাপ্ত কৰাৰ নিৰ্দেশ দিয়া হয়।
উচ্চ পৰ্যায়ৰ বৈঠকত স্বচ্ছ, আইনসন্মত আৰু ত্বৰিত প্ৰক্ৰিয়াৰে এই গুৰুত্বপূর্ণ আন্তঃগাঁথনি প্ৰকল্প বাস্তৱায়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ “দ্ৰুত আন্তঃগাঁথনি উন্নয়ন” দৃষ্টিভংগীক সফল ৰূপায়ণৰ লক্ষ্য পুনৰ উল্লেখ কৰা হয়।
