April 22, 2026

Global Assam News

Global and Local Assam News Website

হোজাই, প্ৰধানমন্ত্ৰী মোদী : বিজেপিৰ বাবে ৰাষ্ট্ৰ প্ৰথম

হোজাই, প্ৰধানমন্ত্ৰী মোদী : বিজেপিৰ বাবে ৰাষ্ট্ৰ প্ৰথম

সমগ্ৰ সমাচাৰ সেৱা

হোজাই, ৭ এপ্ৰিল: অসমত নিৰ্বাচনী উত্তাপ দিনক দিনে বৃদ্ধি পাইছে। এনে সময়তে সোমবাৰে হোজাইত অনুষ্ঠিত এক বিশাল জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ দলৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ চলায়। সভাস্থলীত উপস্থিত হাজাৰ হাজাৰ সমৰ্থকৰ মাজত মোদীয়ে কংগ্ৰেছৰ পৰিয়ালবাদ, অনুপ্ৰৱেশ আৰু ভোট বেংকৰ ৰাজনীতিৰ বিষয় উত্থাপন কৰে। তেওঁ অভিযোগ তোলে যে কংগ্ৰেছৰ বাবে “পৰিয়াল প্ৰথম”, আনহাতে বিজেপিৰ বাবে “ৰাষ্ট্ৰ প্ৰথম” আৰু “জনতা প্ৰথম”।

ভাষণৰ আৰম্ভণিৰে পৰা শেষলৈকে কংগ্ৰেছৰ বিৰুদ্ধে আক্রমণাত্মক সুৰ বজাই ৰাখি প্ৰধানমন্ত্ৰীয়ে নাম উল্লেখ নকৰাকৈয়ে নেহৰু-গান্ধী পৰিয়ালক কটাক্ষ কৰে। তেওঁ কয় যে দিল্লীত কংগ্ৰেছ এতিয়াও এটা “শাহী পৰিয়াল”ক সেৱা আগবঢ়োৱাত ব্যস্ত। অসমৰ ক্ষেত্ৰতো দলটোৰ নেতৃত্ব একেটা পৰিয়ালক কেন্দ্ৰ কৰি আবর্তিত হৈছে বুলি তেওঁ মন্তব্য কৰে।

মোদীয়ে দাবী কৰে যে বিজেপি চৰকাৰে অসমৰ উন্নয়ন, শান্তি আৰু জনসাধাৰণৰ জীৱনমান উন্নত কৰাৰ লক্ষ্যৰে নিৰন্তৰ কাম কৰি আছে। তেওঁৰ মতে, বিজেপিৰ ৰাজনীতি ক্ষমতা লাভৰ বাবে নহয়, বৰঞ্চ উন্নয়ন আৰু জনকল্যাণৰ বাবে। তেওঁ দাবী কৰে যে বিগত কেইবছৰত অসমত পথ-ঘাট, স্বাস্থ্য, শিক্ষা আৰু সংযোগ ব্যৱস্থাত যথেষ্ট উন্নয়ন হৈছে।

প্ৰধানমন্ত্ৰীয়ে অনুপ্ৰৱেশৰ বিষয়টোও উত্থাপন কৰে। তেওঁৰ অভিযোগ, কংগ্ৰেছৰ ভোট বেংকৰ ৰাজনীতিৰ ফলত অসমত অবৈধ অনুপ্ৰৱেশ বৃদ্ধি পাইছে। তেওঁ কয় যে অনুপ্ৰৱেশকাৰীয়ে ৰাজ্যখনৰ বহু খিলঞ্জীয়া লোকৰ ভূমি অধিকাৰ কৰি লৈছে আৰু ইয়াৰ বাবে কংগ্ৰেছ দায়ী।

তেওঁ কয়, “কংগ্ৰেছ অনুপ্ৰৱেশকাৰীৰ পক্ষত থিয় দিয়ে। যেতিয়াই চৰকাৰে অবৈধ দখলদাৰ আৰু অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্যৱস্থা লয়, কংগ্ৰেছ সেইসকলৰ সমৰ্থনত নামি আহে।”

মোদীয়ে লগতে দাবী কৰে যে কেন্দ্ৰ আৰু অসমত থকা বিজেপি চৰকাৰে অবৈধ অনুপ্ৰৱেশ আৰু ভূমি দখলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আছে। খিলঞ্জীয়া লোকৰ ভূমি, সংস্কৃতি আৰু পৰিচয় সুৰক্ষিত কৰাটো চৰকাৰৰ অগ্ৰাধিকাৰ বুলি তেওঁ মন্তব্য কৰে।

সভাত কংগ্ৰেছৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগো উত্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় যে “শাহী পৰিয়াল”ৰ বহু সদস্য বিভিন্ন গোচৰত জামিনত আছে, যিয়ে কংগ্ৰেছৰ বিশ্বাসযোগ্যতা সন্দেহৰ মুখত পেলায়। লগতে তেওঁ হিমাচল প্ৰদেশৰ উদাহৰণ দি কয় যে কংগ্ৰেছে নিৰ্বাচনৰ পূৰ্বে বহু প্ৰতিশ্ৰুতি দিলেও ক্ষমতালৈ অহাৰ পিছত সেইবোৰ পূৰণ কৰিব নোৱাৰে।

ভাষণৰ অন্তত মোদীয়ে অসমবাসীক সতৰ্ক হৈ ভোটদান কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, অসমৰ ভূমি, সংস্কৃতি আৰু ভৱিষ্যৎ সুৰক্ষিত ৰাখিবলৈ সঠিক সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে। তেওঁ কয় যে বিজেপিয়ে যি প্ৰতিশ্ৰুতি দিয়ে, সেয়া পালন কৰে। উন্নয়ন, স্থিৰতা আৰু অসমৰ স্বাৰ্থ সুৰক্ষাৰ বাবে জনসাধাৰণে বিজেপিৰ ওপৰত পুনৰ আস্থা ৰাখিব বুলি তেওঁ আশাবাদ ব্যক্ত কৰে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *