ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতত আজি ৬৬টা পদ্ম বঁটা প্ৰদান
- আজি ৰাষ্ট্ৰপতি ভৱনত ২০২৬ৰ প্ৰথম অসামৰিক বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব
- ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৬৬জন বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰিব
- ইয়াত আছে ২টা পদ্ম বিভূষণ, ৬টা পদ্ম ভূষণ আৰু ৫৮টা পদ্মশ্ৰী
- উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীসহ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব
আজি অনুষ্ঠিত হ’ব প্ৰথম অসামৰিক বঁটা প্ৰদান অনুষ্ঠান
সমগ্ৰ সমাচাৰ সেৱা
দিল্লী, ২৫ মে’: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সোমবাৰে, ২৫ মে’ত ৰাষ্ট্ৰপতি ভৱনত ২০২৬ বৰ্ষৰ প্ৰথম অসামৰিক বঁটা প্ৰদান অনুষ্ঠানত ৬৬টা পদ্ম বঁটা প্ৰদান কৰিব। এই অনুষ্ঠানত দেশৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মানসমূহ প্ৰদান কৰা হ’ব।
প্ৰথম পৰ্যায়ৰ এই অনুষ্ঠানত মুঠ ৬৬টা পদ্ম বঁটা প্ৰদান কৰা হ’ব। ইয়াৰ ভিতৰত ২টা পদ্ম বিভূষণ, ৬টা পদ্ম ভূষণ আৰু ৫৮টা পদ্মশ্ৰী অন্তৰ্ভুক্ত আছে। বাকী পদ্ম বঁটাসমূহ দ্বিতীয় পৰ্যায়ৰ অসামৰিক বঁটা প্ৰদান অনুষ্ঠানত দিয়া হ’ব। ২০২৬ বৰ্ষত মুঠ ১৩১টা পদ্ম বঁটা ঘোষণা কৰা হৈছে।
এই অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি চি. পি. ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত সাহকে ধৰি বহু কেন্দ্ৰীয় মন্ত্ৰী আৰু বিশিষ্ট অতিথি উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।
