Global Assam News

Global and Local Assam News Website

প্ৰীতি শ্বাহৰ সাফল্যত গৌৰৱান্বিত অসম

Oplus_131072

  • ছিক্কিম বিশ্ববিদ্যালয়ৰ হিন্দী বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰীত সৰ্বোচ্চ স্থান লাভ প্ৰীতি শ্বাহৰ
  • বিশ্ববিদ্যালয়ৰ সমাবর্তন অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতত স্বৰ্ণপদক আৰু প্ৰমাণপত্ৰ গ্ৰহণ
  • অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ অভিনন্দন
  • “প্ৰতিভা আৰু সুযোগেই সফলতাৰ মূল চাবিকাঠি”— মুখ্যমন্ত্ৰী

ছিক্কিম বিশ্ববিদ্যালয়ত হিন্দী বিষয়ত সৰ্বোচ্চ স্থান লাভ কৰি স্বৰ্ণপদক অৰ্জন

সমগ্ৰ সমাচাৰ সেৱা
ছিক্কিম, ২৯ মে’: অসমৰ কন্যা প্ৰীতি শ্বাহে শিক্ষাক্ষেত্ৰত এক উজ্জ্বল সাফল্য অৰ্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। Sikkim Universityৰ হিন্দী বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰীত সৰ্বোচ্চ স্থান লাভ কৰি তেওঁ স্বৰ্ণপদক লাভ কৰে।

প্ৰীতি শ্বাহ হৈছে ৰামানন্দ শ্বাহৰ কন্যা। বিশ্ববিদ্যালয়খনৰ সমাবর্তন অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতত তেওঁ স্বৰ্ণপদক আৰু প্ৰমাণপত্ৰ গ্ৰহণ কৰে।

এই সাফল্যৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লখিমপুৰৰ বিধায়ক মানৱ ডেকায়ে প্ৰীতি শ্বাহক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।

মুখ্যমন্ত্ৰীয়ে কয় যে, প্ৰীতিৰ এই সাফল্যই পুনৰ প্ৰমাণ কৰিলে যে মানুহৰ পটভূমিতকৈ প্ৰতিভা, অধ্যৱসায় আৰু সঠিক সুযোগ অধিক গুৰুত্বপূৰ্ণ। তেওঁ প্ৰীতিৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰে।

এই সাফল্যই অসমৰ যুৱ সমাজ, বিশেষকৈ ছাত্ৰীসকলক শিক্ষাক্ষেত্ৰত আগবাঢ়িবলৈ অনুপ্ৰেৰণা যোগাব বুলি ধাৰণা কৰা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *