Global Assam News

Global and Local Assam News Website

সংস্কাৰ ভাৰতী গুৱাহাটী মহানগৰ জিলা সমিতিৰ বাৰ্ষিক সাধাৰণ সভা

সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী,২৮ মে’: ১৭ মে’ত সংস্কাৰ ভাৰতী গুৱাহাটী মহানগৰ জিলা সমিতিৰ বাৰ্ষিক সাধাৰণ সভাখন চান্দমাৰীস্থিত “আৰ্টিষ্ট গিল্ড”ৰ প্ৰেক্ষাগৃহত সফলতাৰে অনুষ্ঠিত হৈ যায়। মহানগৰ জিলা সমিতিৰ সভাপতি ড° আসীম বৰাৰ সভাপতিত্বত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাত জিলা সমিতিৰ সমূহ উপদেষ্টা, বিষয়ববীয়া তথা সদস্য-সদস্যাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

সভাত মহানগৰ জিলা সমিতিৰ সম্পাদক দীপ জ্যোতি হাজৰিকাই বিগত ২০২৫-২৬ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন দাখিল কৰাৰ লগতে আগন্তুক বৰ্ষৰ কাৰ্যসূচী আৰু পৰিকল্পনাসমূহৰ বিষয়েও বিস্তৃতভাৱে ব্যাখ্যা কৰে।
বাৰ্ষিক সাধাৰণ সভাখনৰ লগতে সংগতি ৰাখি এখন বিশেষ “আলোচনা চক্ৰৰ লগতে বক্তৃতা অনুষ্ঠানৰো আয়োজন কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাংবাদিক, গৱেষক তথা ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন বিষয়া ড° ৱিধু পি কায়ষ্ঠ।

বিশিষ্ট গৱেষকগৰাকীয়ে তেওঁৰ এঘণ্টীয়া মূল্যৱান বক্তৃতাত মুখ্যতঃ দুটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰে—
মাতা সীতা, ৰামায়ণ আৰু ভাৰত-নেপাল ঐতিহাসিক সম্পৰ্ক
অসম সন্তান মহাগুৰু মৎচ্ছেন্দ্ৰ নাথ আৰু নেপালৰ আধ্যাত্মিক পৰম্পৰা

ড° কায়ষ্ঠৰ তথ্যসমৃদ্ধ আৰু সাৰগৰ্ভ ভাষণে উপস্থিত সকলো শ্রোতাকে গভীৰভাৱে আপ্লুত কৰে।
অনুষ্ঠানৰ শেষত সংস্কাৰ ভাৰতী গুৱাহাটী মহানগৰ জিলা সমিতিৰ সম্পাদক দীপ জ্যোতি হাজৰিকাই জনায় যে ভাৰতীয় সাংস্কৃতিক পৰম্পৰাৰ লগত জড়িত এনেধৰণৰ গুৰুত্বপূৰ্ণ বিষয়সমূহক লৈ আগন্তুক দিনতো জিলা সমিতিৰ উদ্যোগত বহল ভিত্তিত আলোচনা চক্ৰৰ আয়োজন কৰা হ’ব।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *