কাজিৰঙাত ৰাংকুকুৰৰ ঘূৰি অহা: সংৰক্ষণ ক্ষেত্ৰত আশাৰ বতৰা
- বহু বছৰৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ দেখা গৈছে ৰাংকুকুৰ
- ভূটানৰ ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰতো দেখা গৈছে ৰাংকুকুৰৰ এটা দল
- সীমান্তৱৰ্তী বনাঞ্চলত এই প্ৰজাতিৰ উপস্থিতিয়ে সংৰক্ষণবিদসকলৰ মাজত আশাৰ সঞ্চাৰ কৰিছে
- বনাঞ্চলৰ সংযোগ আৰু বাসস্থান সংৰক্ষণৰ গুৰুত্ব পুনৰ উজাগৰ হৈছে
কাজিৰঙাত ৰাংকুকুৰৰ পুনৰ আগমন
সমগ্ৰ সমাচাৰ সেৱা
অসম, ২৪ মে’: বিপন্ন প্ৰজাতিৰ ধৰা ৰাংকুকুৰ বা Dhole/Wild Dog-ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ পুনৰ আগমন সংৰক্ষণ ক্ষেত্ৰৰ বাবে এক অত্যন্ত উৎসাহজনক খবৰ হিচাপে ধৰা হৈছে। বহু বছৰ ধৰি এই প্ৰজাতিটো কাজিৰঙা-কৰ্বি আংলং ভূদৃশ্যত খুব কম দেখা গৈছিল যদিও সাম্প্ৰতিক সময়ত ইয়াৰ উপস্থিতি পুনৰ নিশ্চিত হৈছে। বিশেষজ্ঞসকলে ইয়াক এক ইতিবাচক পৰিৱেশগত সংকেত বুলি মত প্ৰকাশ কৰিছে
কিছুদিন পূৰ্বে ভূটানৰ ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যানত, আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ মাত্ৰ আধা কিলোমিটাৰ দূৰত্বত ৰাংকুকুৰৰ এটা দল দেখা পোৱা গৈছে। এই দৃশ্যই স্পষ্ট কৰে যে ভাৰত-ভূটান সীমান্তৱৰ্তী বনাঞ্চলত এতিয়াও এই বিপন্ন প্ৰজাতিটোৰ বিচৰণ অব্যাহত আছে। বিশেষকৈ মানস-ৰয়েল মানসৰ দৰে সংযুক্ত সংৰক্ষিত বনাঞ্চলসমূহ বন্যপ্ৰাণীৰ বাবে এক গুৰুত্বপূর্ণ কৰিডৰ হিচাপে কাম কৰি আছে।
ৰাংকুকুৰৰ পুনৰ দেখা পোৱাটো কেৱল এটা প্ৰজাতিৰ ঘূৰি অহা নহয়, বৰঞ্চ ই বনাঞ্চলৰ স্বাস্থ্য আৰু প্ৰাকৃতিক সংযোগ বজাই থকাৰো এক ইতিবাচক ইংগিত।
সংৰক্ষণবিদসকলে আশা প্ৰকাশ কৰিছে যে এই “মহিমান্বিত” প্ৰজাতিটো পুনৰ অসম আৰু ভূটানৰ সংযুক্ত বনাঞ্চলত সুস্থভাৱে বিস্তাৰ লাভ কৰিব।
