জুবিন গাৰ্গ মৃত্যুকাণ্ডঃ ফাষ্ট ট্ৰেক আদালতত জামিন আবেদন চাৰি অভিযুক্তৰ
Oplus_131072
- জুবিন গাৰ্গ মৃত্যুকাণ্ডত চাৰি অভিযুক্তই ফাষ্ট ট্ৰেক আদালতত জামিন আবেদন দাখিল।
- অভিযুক্তসকল হৈছে অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য।
- ইয়াৰ পূৰ্বে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাইও জামিন আবেদন কৰিছিল।
- অমৃতপ্ৰভা মহন্তৰ জামিন আবেদন পূৰ্বে ছেছনছ আদালতে খাৰিজ কৰিছিল।
- নতুনকৈ আইনী সকাহ লাভৰ আশাত ফাষ্ট ট্ৰেক আদালতৰ দ্বাৰস্থ অভিযুক্তসকল।
ফাষ্ট ট্ৰেক আদালতত পুনৰ জামিন আবেদন
সমগ্ৰ সমাচাৰ সেৱা
অসম, ২৭ মে’: জুবিন গাৰ্গ মৃত্যুকাণ্ডক কেন্দ্ৰ কৰি চলি থকা আইনী প্ৰক্ৰিয়াৰ মাজতে নতুন মোড় আহিছে। এই ঘটনাৰ সৈতে জড়িত অভিযুক্ত অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যই ফাষ্ট ট্ৰেক আদালতত জামিন আবেদন দাখিল কৰিছে।
জানিব পৰা মতে, এই আবেদনসমূহ পূৰ্বে সহ-অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা জামিন আবেদনসমূহৰ পিছতেই কৰা হৈছে। ঘটনাটোক লৈ আদালতৰ ভিতৰত অব্যাহত আছে আইনী লড়াই।
উল্লেখযোগ্য যে, অভিযুক্ত অমৃতপ্ৰভা মহন্তই ইয়াৰ আগতে ছেছনছ আদালতত জামিন আবেদন দাখিল কৰিছিল যদিও আদালতে সেই আবেদন খাৰিজ কৰিছিল। তাৰ পিছতেই পুনৰ আইনী সকাহ বিচাৰি ফাষ্ট ট্ৰেক আদালতৰ কাষ চাপিছে অভিযুক্তসকল।
এই গোচৰটোক লৈ ৰাজ্যজুৰি যথেষ্ট চাঞ্চল্য অব্যাহত থকাৰ সময়তে আদালতৰ পৰৱৰ্তী সিদ্ধান্তৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে।
