April 22, 2026

Global Assam News

Global and Local Assam News Website

অভয়াপুৰী :তিনিআলি বজাৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড

অভয়াপুৰী :তিনিআলি বজাৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড
  • ১৪ খন ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণ ভস্মীভূত
  • চিলিণ্ডাৰ বিস্ফোৰণে অগ্নিকাণ্ড অধিক ভয়াবহ কৰে
  • প্রায় ৬০–৮০ লাখ টকাৰ সম্পত্তি ক্ষতি
  • স্বৰ্ট চাৰ্কিটৰ সন্দেহ, তদন্ত অব্যাহত
  • অভয়াপুৰীৰ ফিলাপ্রমীত বিগা সংঘটিত অগ্নিকাণ্ডৰ ঘটনা।

সমগ্ৰ সমাচাৰ সেৱা
অভয়াপুৰী,৮ এপিল:অভয়াপুৰীৰ ঘিলাঞ্জবীত নিশা সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। তিনিআলি বজাৰত সংঘটিত এই অগ্নিকাণ্ডৰ ফলত ১৪ খনকৈ ব্যৱসায়িক প্রতিষ্ঠান ভস্মীভূত হয়।

১৪ খন দোকান জুইত ভস্মীভূত, লাখ লাখ টকাৰ ক্ষতি

নিশা এক মান বজাত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডৰ ফলত হোটেলৰ দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰিত হয় বুলি জানিব পৰা গৈছে। গেলামাল দোকান, চাহৰ হোটেল, অনলাইন কেফে, কাপোৰৰ দোকান, চেণ্ডেলৰ দোকান, মনিহাৰী, চেলুন, পূজাৰ সামগ্ৰীৰ দোকান, জেৰক্স আদি ১৪ খন ব্যৱসায় প্রতিষ্ঠান ভস্মীভূত হয়। জুইত ক্ষতি হয় প্রায় ৮০ৰ পৰা ৬০ লাখ টকাৰ সামগ্রী।

স্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত বুলি সন্দেহ

আনফালে, ঘটনাস্থলিত অভয়াপুৰী অগ্নিনির্বাপক বাহিনী উপস্থিত হৈ অগ্নি নির্বাপক কৰাৰ চেষ্টা চলায়। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই যদিও বৈদ্যুতিক স্বর্ট চার্কিটৰ ফলতেই এই দুর্ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজ তথা আৰক্ষীয়ে সন্দেহ প্রকাশ কৰিছে। বৰ্তমান আৰক্ষী আৰু প্রশাসনে ঘটনাটোৰ সবিশেষ তদন্ত অব্যাহত ৰাখিছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *