ভোটগ্ৰহণ কেন্দ্ৰত অসমীয়া খাদ্য- সংস্কৃতিৰ অনন্য সংযোজন
- ভোটগ্ৰহণ কেন্দ্ৰত স্থাপন কৰা হৈছিল অসমীয়া
- গণতন্ত্ৰৰ উৎসৱত স্থানীয় সংস্কৃতিৰ মনোমোহা প্ৰদৰ্শন
- আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিৰো সক্ৰিয় অংশগ্ৰহণ
- ভোটদানৰ সৈতে উৎসৱমুখৰ পৰিৱেশ সৃষ্টি
সমগ্ৰ সামাচাৰ সেৱা
অসম, ৯ এপ্ৰিল: গণতন্ত্ৰৰ মহোৎসৱ ৰূপে পৰিচিত ভোটগ্ৰহণ প্ৰক্ৰিয়াক অধিক উৎসৱমুখৰ আৰু মনোমোহা কৰি তুলিবলৈ এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰা হয় এখন ভোটগ্ৰহণ কেন্দ্ৰত। ইয়াত স্থাপন কৰা হৈছিল অসমীয়া পৰম্পৰাগত খাদ্যৰ লাইভ কাউণ্টাৰ, য’ত তাতেই তৈয়াৰ কৰা হৈছিল বিভিন্ন জনপ্ৰিয় অসমীয়া জলপান আৰু খাদ্য।
এই ব্যতিক্ৰমী ব্যৱস্থাই ভোটদাতাসকলৰ মাজত এক বিশেষ উৎসাহ আৰু আনন্দৰ সৃষ্টি কৰে। ভোটদান কৰিবলৈ অহা ৰাইজে ভোটাধিকাৰৰ লগতে স্থানীয় খাদ্য-সংস্কৃতিৰ সোৱাদো উপভোগ কৰাৰ সুযোগ লাভ কৰে।
আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিৰো উৎসাহজনক অংশগ্ৰহণ
আন্তঃৰাষ্ট্ৰীয় নিৰ্বাচনী পৰিদৰ্শক কাৰ্যসূচীৰ অধীনত উপস্থিত থকা এজন আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিয়েও এই উদ্যোগত আগ্ৰহ প্ৰকাশ কৰি নিজ হাতে অসমীয়া পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰে। তেওঁ এই অভিজ্ঞতাক “চুনাৱ কা পৰ্ব ”ৰ এক বিশেষ সাংস্কৃতিক অভিজ্ঞতা বুলি অভিহিত কৰে। এই ধৰণৰ পদক্ষেপে কেৱল ভোটদান প্ৰক্ৰিয়াকেই নহয়, বৰং অসমৰ সমৃদ্ধ সংস্কৃতি আৰু আতিথেয়তাৰ ও পৰিচয় বিশ্বমঞ্চত উজ্জ্বলভাৱে উপস্থাপন কৰে। একে সময়তে এই উদ্যোগে ৰাইজৰ মাজত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ প্ৰতি অধিক আগ্ৰহো বৃদ্ধি কৰিছে।
