April 21, 2026

Global Assam News

Global and Local Assam News Website

ভোটদান সাব্যস্ত কৰিলে জুবিন গাৰ্গেৰ পত্নী আৰু ভগ্নীয়ে

  • অসুস্থতাৰ মাজতো ভোটদান কৰিবলৈ কেন্দ্ৰত উপস্থিতি গৰিমা
  • গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ আহ্বান
  • সকলো ভোটাৰক “বিবেক ভোট” প্ৰদানৰ অনুৰোধ
  • সুস্থ আৰু শক্তিশালী চৰকাৰ গঠনৰ আশা প্ৰকাশ

সমগ্ৰ সামাচাৰ সেৱা
গুৱাহাটী, ৯ এপ্ৰিল: অসমত চলি থকা ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ মাজতে অসুস্থতাৰ মাজতো গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ভোটদান কেন্দ্ৰত উপস্থিত হয় জুবিন গাৰ্গেৰ পত্নী আৰু ভগ্নী। গৰিমা শইকীয়া গাৰ্গে কয় যে আগতে সদায় জুবিনৰ সৈতে একেলগে ভোট দিবলৈ আহিছিল, আৰু এইবাৰো শাৰীৰিক অসুবিধা থকাৰ পাছতো নিজৰ দায়িত্ব পালন কৰিবলৈ আহিছে। তেওঁলোকৰ মতে, ভোটদান হৈছে প্ৰতিজন নাগৰিকৰ মৌলিক গণতান্ত্ৰিক অধিকাৰ। এই অধিকাৰ সাব্যস্ত কৰাটো প্ৰতিজনৰ দায়িত্ব আৰু কৰ্তব্য। এই উদ্দেশ্যেৰে সকলো ভোটাৰক নিজৰ বিবেক অনুযায়ী ভোটদান কৰিবলৈ আহ্বান জনায়।

তেওঁৰ অনুসৰি সঠিক সিদ্ধান্ত লৈ বিবেক ভোট প্ৰদান কৰিলে দেশ আৰু ৰাজ্যৰ বাবে এখন সুস্থ, দায়িত্বশীল আৰু উন্নয়নমুখী চৰকাৰ গঠন সম্ভৱ। নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণে গণতন্ত্ৰক অধিক শক্তিশালী কৰি তোলে বুলি তেওঁলোকে মত প্ৰকাশ কৰে। তেওঁলোকৰ এই পদক্ষেপে ভোটাৰৰ মাজত উৎসাহ সঞ্চাৰ কৰাৰ লগতে গণতান্ত্ৰিক দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *