April 17, 2026

Global Assam News

Global and Local Assam News Website

দেৰগাঁও : ভোটগ্ৰহণ কেন্দ্ৰত উত্তেজনা নিজৰ নামত আন এজনৰ ভোট

দেৰগাঁও : ভোটগ্ৰহণ কেন্দ্ৰত উত্তেজনা নিজৰ নামত আন এজনৰ ভোট
  • ভোটগ্ৰহণ কেন্দ্ৰত কিছু সময়ৰ বাবে উত্তেজনাপূৰ্ণ পৰিস্থিতি
  • দায়িত্বৰত বিষয়াসকলৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণ
  • ঘটনাটোৰ তদন্তৰ দাবী স্থানীয় ৰাইজৰ
  • ভোটাৰ আহি পোৱাৰ আগতেই পৰিল ভোট!

সমগ্ৰ সামাচাৰ সেৱা 

দেৰগাঁও, ৯ এপ্ৰিল: দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপিত এটা ভোটগ্ৰহণ কেন্দ্ৰত আজি ভোটদান প্ৰক্ৰিয়াৰ মাজতে এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়।

অভিযোগ অনুসৰি, এজন ভোটাৰে নিজৰ ভোট দিবলৈ কেন্দ্ৰত উপস্থিত হোৱাৰ পাছত তেওঁ জানিবলৈ পায় যে তেওঁৰ নামত আগতেই ভোটদান সম্পন্ন হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি সংশ্লিষ্ট ভোটাৰজনে তৎক্ষণাত প্ৰতিবাদ সাব্যস্ত কৰে আৰু কেন্দ্ৰত উপস্থিত থকা অন্যান্য ভোটাৰসকলৰ মাজতো চাঞ্চল্যৰ সৃষ্টি হয়। 

গণতান্ত্ৰিক ব্যৱস্থাত ভোটদানৰ অধিকাৰক অতি গুৰুত্বপূৰ্ণ অধিকাৰ হিচাপে গণ্য কৰা হয়। এনে ঘটনাই ভোটাৰ সকলৰ মাজত অসন্তুষ্টি আৰু সন্দেহৰ সৃষ্টি কৰিব পাৰে।  সেয়েহে নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতা নিশ্চিত কৰিবলৈ প্ৰশাসনে অধিক সতর্ক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *