April 21, 2026

Global Assam News

Global and Local Assam News Website

ভোটগ্ৰহণ চলি থকাৰ মাজতে পুলিং বিষয়াৰ আকস্মিক মৃত্যু

সমগ্ৰ সমাচাৰ সেৱা

চতিয়া,৯ এপ্ৰিল:চিকিৎসালয়লৈ নিয়াৰ পথতে দেৱেন হ’ৰ’ৰ মৃত্যু । চতিয়াৰ দলাপানীত সংঘটিত হৈছে এক মর্মান্তিক ঘটনা। ৬৯ নং নদুৱাৰ বিধানসভা সমষ্টিৰ ২৩০ নং ভোটগ্রহণ কেন্দ্ৰৰ ২য় পুলিং বিষয়াগৰাকীয়ে আকস্মিকভাবে মৃত্যুক সাৱটি লয়। পুৱা প্রায় ৭:৩০ মান বজাত দেবেন হ’ৰ’ নামৰ ৰঙাপৰাৰ সহঃ শিক্ষকগৰাকী ভোটগ্রহণ কেন্দ্রতে অসুস্থ হৈ পৰে। সংকটজনক অৱস্থাত ভোটগ্রহণ কেন্দ্ৰৰ পৰা চিকিৎসালয়লৈ প্রেৰণ কৰে যদিও মৃত্যুক আকোঁৱালি লয় পুলিং বিষয়াগৰাকীয়ে। খবৰ অনুসৰি, পুৱা ভোটগ্রহণ কেন্দ্রতে অসুস্থ হৈ পৰিছিল দেৱেন হ’ৰ’। ততাতৈয়াকৈ চিকিৎসালয়ত নিয়া হয় যদিও চিকিৎসালয় নিয়াৰ পথতে মৃত্যু হয় বিষয়াগৰাকীৰ।

অসমত পুৱা ৯:৩০ বজালৈ ১৭.৮৭ শতাংশ ভোটদান সম্পন্ন

আজি অসম বিধানসভা নির্বাচন ২০২৬ৰ ভোটগ্রহণ প্রক্ৰিয়া পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে। পুৱা ৯-৩০ বজালৈ ৰাজ্যত ভোট দানৰ হাড় ১৭.৮৭ শতাংশ। ১২৬টা সমষ্টিত ৰাজ্যৰ ২ কোটি ৪৯ লাখ ৫৮ হাজাৰ ১৩৯গৰাকী ভোটাৰে ৭১২গৰাকী প্রার্থীৰ ভাগ্য নির্ণয় কৰিব।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *