নিষিদ্ধ আলফা (স্বাধীন)ৰ সৈতে জড়িত ৭জন অভিযুক্ত গ্রেপ্তাৰ
- তিনিচুকীয়া-অৰুণাচল সীমান্তত আৰক্ষীৰ সমন্বিত অভিযান
- আলফা (স্বা:)ৰ সৈতে জড়িত সন্দেহত ৭জন গ্ৰেপ্তাৰ
- ধন দাবী আৰু তথ্য বিনিময়ত জড়িত থকাৰ অভিযোগ
- অধিক নেটৱৰ্ক উদঘাটনৰ বাবে জেৰা অব্যাহত
সমগ্ৰ সমাচাৰ সেৱা
তিনিচুকীয়া, ১২ এপ্ৰিল:তিনিচুকীয়া জিলা আৰু অৰুণাচল প্ৰদেশৰ কাষৰীয়া অঞ্চলত এক সমন্বিত অভিযানত নিৰাপত্তা বাহিনীয়ে নিষিদ্ধ আলফা (স্বাধীন)ৰ সৈতে জড়িত ৭জন অভিযুক্ত অভাৰ গ্রাউণ্ড কর্মীক গ্রেপ্তাৰ কৰিছে।
আটক কৰা ব্যক্তিকেইজন হৈছে বৰডুমছাৰ বার্লিন নেওগ, পেঙেৰীৰ মিথু গোহাই আৰু লিলাম্বৰ মৰাণ, কাকপথাৰৰ বিকাশ ডেকা, অৰুণাচল প্ৰদেশৰ মিঞাওৰ শিৱ দেৱ আৰু পৰিতোষ দেৱ আৰু মাকুমৰ মানব দে।
আৰক্ষীৰ মতে, অভিযুক্তসকলে আলফা (স্বা:)ৰ লিংকমেন হিচাপে কাম কৰাৰ সন্দেহ কৰা হৈছে। তেওঁলোক ধন দাবীৰ কামত জড়িত আৰু সংগঠনটোলৈ আৰু তাৰ পৰা স্পৰ্শকাতৰ তথ্য প্ৰেৰণ কৰাৰ সৈতে জড়িত বুলি অভিযোগ উঠিছে। বিষয়াসকলে কয় যে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত গ্রেপ্তাৰ কৰা হৈছে ।
আৰক্ষী বিষয়া এজনে কয়, ‘আটকাধীন ব্যক্তিকেইজন দীর্ঘদিন ধৰি আলফা (স্বা:)ৰ সৈতে তথ্য বিনিময়ৰ সৈতে জড়িত আছিল বুলি অভিযোগ উঠিছে। জিলাখনৰ একাধিক স্থানত আৰক্ষীৰ দলে অভিযান চলোৱাৰ পিছতে এই গ্রেপ্তাৰ সম্ভৱপৰ হৈছে।”আৰক্ষীৰ সূত্রই জনোৱা মতে, ধৃত লোককেইজন কিছুদিন ধৰি চোৰাংচোৱাগিৰি কৰি আছিল আৰু তেওঁলোকে গ্রাউণ্ড পৰ্যায়ৰ কর্মী আৰু উগ্রপন্থী সংগঠনটোৰ উচ্চ পৰ্যায়ৰ সদস্যৰ মাজত মধ্যস্থতাকাৰী হিচাপে কাম কৰি থকা বুলি সন্দেহ কৰা হৈছে।
আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই কয়, “এই ব্যক্তিসকলক কিছুদিন ধৰি নিৰীক্ষণ কৰা হৈছিল, আৰু তেওঁলোকৰ গতিবিধি আৰু কার্যকলাপে অবৈধ নেটৱৰ্কৰ সৈতে জড়িত হোৱাৰ প্ৰবল সন্দেহৰ সৃষ্টি কৰিছিল।”বিষয়াসকলে লগতে কয় যে অভিযুক্তসকলে দীর্ঘদিন ধৰি সংগঠনটোৰ সৈতে যোগাযোগ বজাই ৰাখিছিল আৰু যোগাযোগ আৰু সমন্বয়ৰ সুবিধা কৰি দিছিল। পৃথক কিন্তু সমন্বিত অভিযানত তেওঁলোকক গ্রেপ্তাৰ কৰা হৈছে।
লগতে , “উদ্দেশ্য হৈছে তেওঁলোকৰ সম্পৰ্কৰ গভীৰতা নির্ণয় কৰা, অন্যান্য সম্ভাব্য সহযোগীসকলক চিনাক্ত কৰা আৰু সংগঠনটোক সহায় কৰা বৰ্তমানৰ যিকোনো সমর্থন নেটৱক ভাঙি পেলোৱা।”
নিৰাপত্তা সংস্থাসমূহে ধাৰণা কৰে যে এনে অভাৰগ্ৰাউণ্ড কর্মীৰ যোগাযোগ আৰু লজিষ্টিক সহায়ৰ জৰিয়তে উগ্রপন্থীয়ে অভিযান বজাই ৰখাত মূল ভূমিকা পালন কৰে। সম্ভাব্য সংযোগ বিচাৰি উলিয়াবলৈ আৰু বিস্তৃত নেটৱর্ক উন্মোচন কৰিবলৈ বর্তমান সাতজন অভিযুক্তৰ জেৰা চলি আছে।
অধিক তদন্ত চলি আছে আৰু বিষয়াসকলে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত অধিক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা নুই কৰা নাই।
