April 21, 2026

Global Assam News

Global and Local Assam News Website

কাৰ্বি পাহাৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড

কাৰ্বি পাহাৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড
  • নিশা সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড কাৰ্বি পাহাৰত
  • ল’জসহ কমেও ৯খন ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ধ্বংস
  • অগ্নিকাণ্ডৰ পিছত বৃহৎ এলেকাজুৰি হুৱাদুৱা পৰিস্থিতি সৃষ্টি
  • স্থানীয় লোক আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাৰে নিয়ন্ত্ৰণৰ চেষ্টা  

সমগ্ৰ সামাচাৰ সেৱা
কাৰ্বি আংলং, ১২ এপ্ৰিল:কাৰ্বি পাহাৰত নিশাৰ সময়তে সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত চকুৰ পচাৰতে ভস্মীভূত হৈ পৰে এখন ল’জকে ধৰি কমেও ৯খন ব্যৱসায়িক প্ৰতিষ্ঠান। অগ্নিকাণ্ডটো ইমানেই ভয়ংকৰ আছিল যে কিছু সময়ৰ ভিতৰতে জুইয়ে সম্পূৰ্ণ এলেকাটোত ভয়াবহ ৰূপ ধাৰণ কৰে।

ঘটনাৰ পিছতেই স্থানীয় বাসিন্দাসকলৰ মাজত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। বহু লোক ঘৰ-বাহিৰ এৰি সুৰক্ষিত ঠাইলৈ আঁতৰি যাবলৈ বাধ্য হয়। স্থানীয় লোকসকলে প্ৰাথমিকভাৱে জুই নিয়ন্ত্ৰণৰ চেষ্টা চলায় যদিও পিছত অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণত আনিবলৈ তৎপৰতা চলায়।
এই অগ্নিকাণ্ডৰ ফলত ব্যাপক সম্পত্তিৰ ক্ষতি হোৱা বুলি অনুমান কৰা হৈছে। অৱশ্যে অগ্নিকাণ্ডৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। প্ৰশাসনে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *