ফেমিনা মিছ ইণ্ডিয়া ২০২৬ৰ মঞ্চত অৰুণাচলৰ গৌৰৱ — মৰিয়ম লংৰী
- মৰিয়ম লংৰী লাভ কৰিলে ৰজনীগন্ধা পাৰ্লছ মিছ গুডনেছ এম্বেচেডৰ উপাধি
- ৬১তম ফেমিণা মিছ ইণ্ডিয়া ২০২৬ ৰ এৱাৰ্ডছ নাইটত ঘোষণা
- উপাধি প্ৰদান কৰে চেলিনা জেটলী
- ২৫ হাজাৰ টকাৰ নগদ পুৰস্কাৰ লাভ
- গ্ৰেণ্ড ফাইনেল অনুষ্ঠিত হ’ব ১৮ এপ্ৰিলত, ভুবনেশ্বৰৰ কলিংগ ইনষ্টিটিউট অৱ ইণ্ডাষ্ট্ৰিয়েল টেকন’লজী(KIIT)ত
সমগ্ৰ সামাচাৰ সেৱা
অৰুণাচল প্ৰদেশ, ১2 এপ্ৰিল: ৬১তম ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ এৱাৰ্ডছ নাইটত অৰুণাচল প্ৰদেশৰ প্ৰতিনিধি মৰিয়ম লংৰীয়ে ৰজনীগন্ধা পাৰ্লছ মিছ গুডনেছ এম্বেচেডৰ উপাধি লাভ কৰি ৰাজ্যখনৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ সহানুভূতি, সামাজিক দায়বদ্ধতা আৰু ইতিবাচক পৰিবর্তন আনি দিয়াৰ প্ৰতিশ্ৰুতিয়ে তেওঁক এই বিশেষ সন্মানৰ যোগ্য কৰি তুলিছে।
এই সন্মানজনক উপাধি প্ৰদান কৰে অভিনেত্ৰী তথা ফেমিনা মিছ ইণ্ডিয়া ২০০১ আৰু মিছ ইউনিভাৰ্ছ ২০০১ৰ ৰানাৰ-আপ চেলিনা জেটলীয়ে। অনুষ্ঠানত উপস্থিত থাকে DS গ্ৰুপৰ জেনেৰেল মেনেজাৰ ঋতুৰাজ গুপ্তাও। মৰিয়মে এই উপাধিৰ সৈতে ২৫ হাজাৰ টকাৰ নগদ পুৰস্কাৰ লাভ কৰে।
এই এৱাৰ্ডছ নাইটত দেশৰ বিভিন্ন ৰাজ্যৰ টপ ৩০ জন প্ৰতিযোগীৰ যাত্ৰা, ব্যক্তিত্ব আৰু বিকাশৰ বিশেষ স্বীকৃতি দিয়া হয়। প্ৰতিটো সাব-কণ্টেষ্টৰ ঘোষণা অনুষ্ঠানটোক অধিক উত্তেজনাপূৰ্ণ কৰি তোলে।
মৰিয়ম লংৰীৰ এই সফলতা কেৱল ব্যক্তিগত সাফল্য নহয়, বৰঞ্চ সামাজিক মূল্যবোধ আৰু ইতিবাচক চিন্তাধাৰাৰ এক উজ্জ্বল প্ৰতীক হিচাপে পৰিগণিত হৈছে। তেওঁৰ এই সাফল্যে অৰুণাচল প্ৰদেশ তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক অনুপ্ৰেৰণাদায়ক দৃষ্টান্ত স্থাপন কৰিছে।
উল্লেখযোগ্য যে, ফেমিনা মিছ ইণ্ডিয়া ২০২৬ৰ গ্ৰেণ্ড ফাইনেল অহা ১৮ এপ্ৰিলত অনুষ্ঠিত হ’ব, য’ত ৰাজ্যসমূহৰ বিজয়ী প্ৰতিযোগীসকলে চূড়ান্ত মুকুটৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
