April 21, 2026

Global Assam News

Global and Local Assam News Website

ৰাজনাথ সিঙ :আত্মনিৰ্ভৰ ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত উল্লেখযোগ্য সাফল্য

ৰাজনাথ সিঙ :আত্মনিৰ্ভৰ ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত উল্লেখযোগ্য সাফল্য
  • ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ ঘৰুৱা প্ৰতিৰক্ষা উৎপাদন অভিলেখসংখ্যক ১.৫১ লাখ কোটি টকাত উপনীত হৈছে
  • ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন ১.৫১ লাখ কোটি টকাত অভিলেখ
  • ২০২৫-২৬ত প্ৰতিৰক্ষা ৰপ্তানি ৩৮,৪২৪ কোটি টকা
  • আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ লক্ষ্যত জোৰ
  • লক্ষ্ণৌ, আগ্ৰা, কানপুৰক প্ৰতিৰক্ষা ন’ড ঘোষণা

সমগ্ৰ সমাচাৰ সেৱা

দিল্লী, ১২ এপ্ৰিল:

আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত প্ৰতিৰক্ষা খণ্ডত উল্লেখযোগ্য সাফল্য

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শনিবাৰে কয় যে ভাৰত প্ৰতিৰক্ষা খণ্ডত সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰশীল হৈ উঠিব আৰু বিশ্বৰ শীর্ষ দেশসমূহৰ ভিতৰত ভাৰতৰ নাম অন্তৰ্ভুক্ত হ’ব। লক্ষ্ণৌত আয়োজিত ‘ৱাৰ হিৰোছ এণ্ড বীৰ নাৰী’ অভিনন্দন অনুষ্ঠানত ভাষণ দি কেন্দ্রীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ ঘৰুৱা প্রতিবক্ষা উৎপাদন অভিলেখসংখ্যক ১.৫১ লাখ কোটি টকাত উপনীত হৈছে। ইয়াৰ উপৰিও তেওঁ আলোকপাত কৰে যে ২০২৫-২৬ বিত্তীয় বর্ষত দেশৰ প্ৰতিৰক্ষা ৰপ্তানি ৩৮,৪২৪ কোটি টকাৰ সৰ্বকালৰ উচ্চস্তৰত উপনীত হৈছে। লগতে  “২০২৪-২৫ বৰ্ষত ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন অভিলেখ ১ লাখ ৫১ হাজাৰ কোটি টকাত উপনীত হৈছে। একেদৰে ২০২৫-২৬ বিত্তীয় বৰ্ষত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানিও অভিলেখ ৩৮,৪২৪ কোটি টকা স্পর্শ কৰিছে। এইবোৰ মাত্ৰ কেইটামান উদাহৰণহে। এনে বহু প্রচেষ্টা চলি আছে, যিবোৰে এখন আত্মনিৰ্ভৰশীল আৰু সবল ভাৰতৰ ভেটি স্থাপন কৰিছে। মই সম্পূর্ণ আশাবাদী যে আমি যি প্ৰগতিৰে আগবাঢ়িছোঁ, অতি সোনকালে আমি প্ৰতিৰক্ষা খণ্ডত সম্পূর্ণ স্বাৱলম্বী হৈ উঠিম আৰু বিশ্বৰ শীর্ষ দেশসমূহৰ মাজত ভাৰতৰ নাম জিলিকি উঠিব।”

লক্ষ্ণৌত ব্রাহ্মছ মিছাইল উৎপাদনে শক্তিশালী কৰিলে দেশৰ সামৰিক ক্ষমতা

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে আগ্ৰা আৰু কানপুৰৰ লগতে লক্ষ্ণৌক প্ৰতিৰক্ষা ন’ড হিচাপে ঘোষণা কৰা হৈছে। তেওঁ আলোকপাত কৰে যে লক্ষ্ণৌত নির্মিত ব্রাহ্মছ মিছাইলৰ প্ৰথমটো বেচ ইতিমধ্যে ভাৰতীয় সেনাৰ হাতত অর্পণ কৰা হৈছে। ইয়াৰ উপৰিও তেওঁ উল্লেখ কৰে যে চহৰখনৰ ভিতৰত প্ৰতিৰক্ষা সঁজুলি নির্মাণৰ বাবে বর্তমান বহুতো সৰু-বৰ কাৰখানা স্থাপন কৰা হৈছে।

তেওঁ কয় “প্রতিৰক্ষা মন্ত্ৰী হিচাপে আমাৰ লক্ষ্ণৌৱে প্ৰতিৰক্ষা খণ্ডত গুৰুত্বপূর্ণ অৱদান আগবঢ়োৱা দেখি মই অতি আনন্দিত হৈছোঁ। আগ্রা আৰু কানপুৰৰ লগতে ইয়াক প্ৰতিৰক্ষা ন’ড হিচাপে ঘোষণা কৰাটো লক্ষ্ণৌৰ বাবে গৌৰৱৰ বিষয়। লক্ষ্ণৌত ব্রাহ্মছ মিছাইলৰ উৎপাদনো আৰম্ভ হৈছে আৰু ইয়াৰ প্রথমটো বেচ ইতিমধ্যে আমাৰ সেনাক হস্তান্তৰ কৰা হৈছে। ইয়াৰ লগতে প্ৰতিৰক্ষা সঁজুলিৰ সৈতে জড়িত আন বহুতো সৰু-বৰ কাৰখানাও ইয়াত স্থাপন কৰা হৈছে।”

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *