যোৰহাটৰ চাহ নিলাম কেন্দ্ৰ বন্ধৰ সিদ্ধান্তত উত্তেজনা
- যোৰহাটৰ চাহ নিলাম কেন্দ্ৰ বন্ধ কৰাৰ প্ৰস্তাৱত প্ৰতিবাদ
- উজনি অসমৰ চাহ ব্যৱসায়ী আৰু ক্ষুদ্ৰ খেতিয়কৰ উদ্বেগ বৃদ্ধি
- অসমৰ উৎপাদিত চাহৰ বৃহৎ অংশ উজনিৰ পৰা আহে
- স্থানীয় ব্যৱসায় আৰু যুৱ উদ্যোগত নেতিবাচক প্ৰভাৱ পৰাৰ আশংকা
উজনিৰ চাহ ব্যৱসায়ী, ক্ষুদ্ৰ খেতিয়ক আৰু উদ্যোগ জগতত তীব্ৰ প্ৰতিক্ৰিয়া
সমগ্ৰ সমাচাৰ সেৱা
যোৰহাট, ২৪ এপ্ৰিল: চাহ উদ্যোগত সংকটৰ আশংকা, উজনি অসমৰ চাহ উদ্যোগৰ এক গুৰুত্বপূৰ্ণ আধাৰ হিচাপে পৰিগণিত যোৰহাটৰ চাহ নিলাম কেন্দ্ৰ বন্ধ কৰাৰ সম্ভাৱ্য সিদ্ধান্তই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। ব্যৱসায়ী, ক্ষুদ্ৰ চাহ খেতিয়ক আৰু স্থানীয় উদ্যোগীসকলে এই সিদ্ধান্তক অঞ্চলটোৰ অৰ্থনীতিৰ ওপৰত আঘাত বুলি অভিহিত কৰিছে।
অসমে ভাৰতৰ প্ৰায় ৫০ শতাংশ চাহ উৎপাদন কৰে যদিও উজনি অসমৰ বাবে এই নিলাম কেন্দ্ৰটো আছিল এক মুখ্য বাণিজ্যিক প্লেটফৰ্ম। এই কেন্দ্ৰ বন্ধ হ’লে বহু ব্যৱসায়ী আৰু যুৱ উদ্যোগীয়ে চাহ বিক্ৰীৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে।
ক্ষুদ্ৰ চাহ খেতিয়কসকলে কয় যে নিলাম কেন্দ্ৰ বন্ধ হ’লে তেওঁলোকক অন্য ৰাজ্য বা দূৰৱৰ্তী কেন্দ্ৰৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। ইয়াৰ ফলত ব্যয় বৃদ্ধি পাব আৰু লাভ কমি যোৱাৰ সম্ভাৱনা আছে।
স্থানীয় যুৱ উদ্যোগীসকলেও অভিযোগ কৰিছে যে পূৰ্বে সহজে লাভ কৰা ব্যৱসায়িক সুবিধাসমূহ এতিয়া সীমিত হৈ পৰিব পাৰে, যাৰ ফলত নতুন উদ্যোগ আৰম্ভ কৰাটো কঠিন হ’ব।
স্থানীয় ব্যৱসায়ী সংগঠন আৰু চাহ খেতিয়কসকলে চৰকাৰক এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ দাবী জনাইছে। তেওঁলোকৰ মতে, যোৰহাটৰ নিলাম কেন্দ্ৰটো অব্যাহত ৰাখিলে অঞ্চলটোৰ অৰ্থনীতি শক্তিশালী হোৱাৰ লগতে চাহ উদ্যোগটো অধিক বিকাশ লাভ কৰিব।
