গুৱাহাটীত মহিলাৰ বিশাল আক্রোশ সমদল
- গুৱাহাটীৰ খানাপাৰাত সহস্ৰাধিক মহিলাৰ বিশাল প্ৰতিবাদী সমদল
- “নাৰী শক্তি বন্দন অধিনিয়ম (সংশোধন) ২০২৬” গৃহীত নোহোৱাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া
- কংগ্ৰেছসহ বিৰোধী দলসমূহৰ ভূমিকা তীব্ৰ সমালোচনা
- লোকসভা-বিধানসভাত ৩৩% মহিলা সংৰক্ষণৰ দাবীত জনমত গঠন
বিজেপি মহিলা মৰ্চা, এনডিএ মিত্ৰদল আৰু বহু বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণ
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ২৩ এপ্রিল: “নাৰী শক্তি বন্দন অধিনিয়ম (সংশোধন) ২০২৬” সংসদত গৃহীত নোহোৱাৰ প্রতিবাদত আজি গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসালয় মহাবিদ্যালয় খেলপথাৰত ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চা, অসম প্ৰদেশৰ আহ্বানত সহস্ৰাধিক মহিলাই এক বৃহৎ আক্রোশ সমদল আয়োজন কৰে। এই সমদলৰ জৰিয়তে কংগ্ৰেছ আৰু বিৰোধী দলসমূহৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়।
সমদলত উপস্থিত থাকি বিজেপি অসম প্ৰদেশৰ সভাপতি দীলিপ শইকীয়াই কয় যে স্বাধীনতাৰ পিছত বহু বছৰ শাসনত থাকিও কংগ্ৰেছে মহিলাৰ ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰাৰ বাবে উল্লেখযোগ্য পদক্ষেপ লোৱা দেখা নগ’ল। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত শীঘ্ৰেই লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ নিশ্চিত কৰা হ’ব।
এই সভাত উপস্থিত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা গুৱাহাটীৰ প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তীয়েও নিজৰ ভাষণত কয় যে মহিলাসকলে নিজৰ প্ৰাপ্য অধিকাৰ লাভ কৰাটো সময়ৰ দাবী। তেওঁ লগতে ভূপেন হাজৰিকাৰ “আহ আহ ওলাই আহ” গীত পৰিৱেশন কৰি উপস্থিত মহিলাসকলক উৎসাহিত কৰে।
বিজেপি মহিলা মৰ্চা অসম প্ৰদেশৰ সভানেত্ৰী নীলিমা দেৱীযেও বিৰোধী দলসমূহৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰি কয় যে মহিলাৰ ৰাজনৈতিক অংশগ্ৰহণ নিশ্চিত কৰাৰ ক্ষেত্ৰত এই আইন অত্যন্ত গুৰুত্বপূৰ্ণ।
এই প্ৰতিবাদী কাৰ্যসূচীত এনডিএ মিত্ৰদলসমূহৰ পৰা পূৰবী তালুকদাৰ (অসম গণ পৰিষদ), বেগম আখতাৰা আহমেদ(বিপিএফ), সীতা ৰাভা আৰু জোনালী ৰাভাই অংশগ্ৰহণ কৰে। লগতে অসমৰ যশস্বী শিল্পী শান্তা উজিৰ, মালবিকা বৰা আৰু সন্ধ্যা মেননয়ো সমদলত উপস্থিত থাকে।
সমদলৰ অংশগ্ৰহণকাৰীসকলে কয় যে লোকসভা আৰু বিধানসভাত ৩৩ শতাংশ মহিলা সংৰক্ষণ দয়া বা অনুকম্পা নহয়, ই নাৰী শক্তিৰ প্ৰাপ্য অধিকাৰৰ অংশ। এই আইন গৃহীত নোহোৱাৰ ঘটনাক তেওঁলোকে মহিলা শক্তিৰ প্ৰতি অন্যায় বুলি উল্লেখ কৰে।
সমগ্ৰ কাৰ্যসূচীয়ে গণতান্ত্ৰিক প্ৰক্ৰিয়াত মহিলাৰ অধিক অংশগ্ৰহণ নিশ্চিত কৰাৰ দাবীত ব্যাপক জনমত গঢ়ি তোলাত সহায় কৰিছে বুলি আয়োজকসকলে উল্লেখ কৰে।
