Global Assam News

Global and Local Assam News Website

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ পৰীক্ষাৰ ফলাফল ২৮ এপ্ৰিলত ঘোষণা

  • উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ ২০২৬ৰ ফলাফল ২৮ এপ্ৰিলত ঘোষণা কৰা হ’ব
  • এই তথ্য সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
  • এইবাৰ পৰীক্ষাত অংশগ্ৰহণ কৰে ৩,৩০,৭৪৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে
  • পৰীক্ষা অনুষ্ঠিত হৈছিল ১১ ফেব্ৰুৱাৰীৰ পৰা ১৬ মাৰ্চলৈ
  • ফলাফল ঘোষণা হোৱাৰ লগে লগে অনলাইনযোগে উপলব্ধ হ’ব

২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ ২০২৬ ফলাফল

সমগ্ৰ সমাচাৰ সেৱা
অসম, ২৩ এপ্ৰিল: অসমৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ (HS Final Year) পৰীক্ষা ২০২৬ৰ ফলাফল অহা ২৮ এপ্ৰিল তাৰিখে ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে এই তথ্য প্ৰকাশ কৰি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক আগতীয়াকৈ অৱগত কৰে।
এই ঘোষণা প্ৰকাশ পোৱাৰ পিছতেই ৰাজ্যজুৰি ফলাফলৰ বাবে অপেক্ষাৰত থকা লক্ষাধিক পৰীক্ষাৰ্থীৰ মাজত উৎসাহ বৃদ্ধি পাইছে।

এইবাৰ অনুষ্ঠিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ পৰীক্ষাত মুঠ ৩,৩০,৭৪৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। পৰীক্ষাসমূহ ৰাজ্যজুৰি বিভিন্ন পৰীক্ষা কেন্দ্ৰত ১১ ফেব্ৰুৱাৰীৰ পৰা ১৬ মাৰ্চলৈ সফলভাৱে অনুষ্ঠিত হৈছিল।

ফলাফল ঘোষণা কৰাৰ পিছতেই ছাত্ৰ-ছাত্ৰীয়ে অফিচিয়েল ৱেবছাইটসমূহৰ জৰিয়তে নিজৰ ফলাফল চাব পাৰিব। লগতে বিদ্যালয়সমূহতো ফলাফল উপলব্ধ হোৱাৰ সম্ভাৱনা আছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *