নলাত জাবৰ পেলোৱাৰ পৰিণাম: কৃত্ৰিম বান
- নলাত জাবৰ পেলোৱাই কৃত্ৰিম বানৰ মূল কাৰণ
- মহানগৰবাসীৰ অসাৱধানতাই বৃদ্ধি কৰিছে সমস্যাৰ তীব্ৰতা
- কেৱল চৰকাৰক দোষ দিলে সমস্যাৰ সমাধান নহয়
- সচেতনতা আৰু সহযোগিতাৰ অভাৱত পৰিস্থিতি জটিল
ঠিকাদাৰ সন্থাৰ বিস্ফোৰক মন্তব্য— “চৰকাৰক দোষ দিয়াৰ লগতে নাগৰিকৰ দায়িত্বো স্বীকাৰ কৰা উচিত”
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ১ মে’: মহানগৰীত পুনৰাবৃত্তি হোৱা কৃত্ৰিম বানৰ বাবে এইবাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ঠিকাদাৰ সন্থাই। সন্থাৰ মতে, নগৰৰ নলা-নর্দমাত অনিয়মিতভাৱে জাবৰ পেলোৱাৰ ফলতেই পানী নিষ্কাশন ব্যৱস্থা ভেঙুচি পৰিছে আৰু সামান্য বৰষুণতেই নগৰ জুৰি জলাবদ্ধতাৰ সৃষ্টি হৈছে।
সন্থাৰ একাধিক সদস্যই কয় যে, “মহানগৰবাসীয়ে নিজেই নিজৰ সমস্যাৰ কাৰণ হৈ পৰিছে। নলাত প্লাষ্টিক, পলিথিন আৰু অন্যান্য জাবৰ পেলাই পানীৰ স্বাভাৱিক প্ৰৱাহ বাধাগ্ৰস্ত কৰা হৈছে।” তেওঁলোকে স্পষ্টকৈ উল্লেখ কৰে যে, কেৱল চৰকাৰ বা পৌৰ নিগমক দোষাৰোপ কৰিলে সমস্যাৰ স্থায়ী সমাধান সম্ভৱ নহয়।
এই প্ৰসংগত নগৰবাসীকো সচেতন হ’বলৈ আহ্বান জনোৱা হৈছে। বিশেষকৈ, দৈনন্দিন জীৱনত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা, নির্দিষ্ট স্থানত জাবৰ পেলোৱা আৰু নলাবোৰ অবৰোধ নকৰাৰ দৰে সাধাৰণ অভ্যাসবোৰ গ্ৰহণ কৰাটো অত্যন্ত জৰুৰী বুলি উল্লেখ কৰা হৈছে।
অৱশেষত, কৃত্ৰিম বানৰ দৰে সমস্যাৰ সমাধানৰ বাবে চৰকাৰ আৰু সাধাৰণ নাগৰিক দুয়োপক্ষৰ সমন্বয় আৰু দায়িত্ববোধৰ প্রয়োজন বুলি মত প্ৰকাশ কৰিছে সংশ্লিষ্ট মহলে।
