Global Assam News

Global and Local Assam News Website

অসম নিৰ্বাচন ২০২৬: ৪ মে’ৰ অপেক্ষা আৰু নৱপ্ৰজন্মৰ নিৰ্ণায়ক শক্তি

অসম নিৰ্বাচন ২০২৬: ৪ মে’ৰ অপেক্ষা আৰু নৱপ্ৰজন্মৰ নিৰ্ণায়ক শক্তি

জোনাক প্ৰতীম বৰঠাকুৰ
অসমৰ ৰাজনৈতিক আকাশত এতিয়া উৎকণ্ঠা আৰু উত্তেজনাৰ জোৱাৰ। অহা ৪ মে’ত ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। এই ফলাফলে কেৱল আগন্তুক পাঁচ বছৰৰ বাবে চৰকাৰ গঠন নকৰে, বৰঞ্চ অসমৰ ভৱিষ্যতৰ দিশ নিৰ্ণয় কৰিব।

কিন্তু এইবাৰৰ নিৰ্বাচনত আটাইতকৈ চৰ্চিত আৰু গুৰুত্বপূৰ্ণ দিশটো হ’ল আমাৰ সমাজৰ নৱপ্ৰজন্মৰ সক্ৰিয় অংশগ্ৰহণ। প্ৰতিগৰাকী ভোটাৰৰ বাবে ৪ মে’ এটা বিচাৰৰ দিন।

ইভিএমৰ ভিতৰত আৱদ্ধ হৈ থকা হেজাৰ সপোন আৰু প্ৰত্যাশা সেইদিনা পোহৰলৈ আহিব। ৰাজ্যৰ প্ৰতিটো সমষ্টিতে কাক জয়ৰ মালা পিন্ধাব, তাক লৈ ৰাইজৰ মাজত ব্যাপক চৰ্চা। উন্নয়নৰ প্ৰতিশ্ৰুতি, ভাষা-সংস্কৃতিৰ সুৰক্ষা আৰু নিয়োগৰ আশাই এইবাৰৰ নিৰ্বাচনক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। এইবাৰৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ভোটদান কৰা ১৮ ৰ পৰা ২৫ বছৰীয়া যুৱক-যুৱতীসকলে অৰ্থাৎ নতুন প্ৰজন্মই এক প্ৰধান ভূমিকা পালন কৰিছে।

৪ মে’ৰ ফলাফলে যিয়েই নহওক, এটা কথা স্পষ্ট যে অসমৰ ৰাজনীতিত এতিয়া যুৱশক্তিৰ প্ৰভাৱ অস্বীকাৰ কৰিব নোৱাৰি। পুৰণি ৰাজনৈতিক সমীকৰণবোৰ ভাঙি নৱপ্ৰজন্মই এক নতুন, যুক্তিনিৰ্ভৰ আৰু প্ৰগতিশীল অসমৰ সপোন দেখিছে। তেওঁলোকৰ এই নিৰ্ণায়ক ভোটে নিশ্চিতভাৱে এক শক্তিশালী আৰু সজাগ সমাজৰ ভেটি গঢ়িব।

– ছাত্ৰ, আৰ্য‍্য বিদ‍্যাপীঠ মহাবিদ‍্যালয়

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *