ৰিপুণ বৰাৰ নিৰ্বাচনী ৰাজনীতিৰ পৰা অৱসৰ ঘোষণা
- বৰছলা সমষ্টিত BJP প্ৰাৰ্থী ঋতু বরণ শৰ্মাৰ হাতত পৰাজিত ৰিপুণ বৰা
- ভৱিষ্যতে কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ ঘোষণা
- কংগ্ৰেছ দলত থাকি “অভিভাৱক” হিচাপে কাম কৰি যাব বুলি মন্তব্য
- EVM লৈ সন্দেহ প্ৰকাশ, ফলাফলক লৈ জনমনত সন্দেহ বৃদ্ধি বুলি দাবী
- মহিলা ভোট আৰু চৰকাৰী আঁচনিৰ লাভাৰ্থীক লৈ তুলিলে প্ৰশ্ন
কংগ্ৰেছত থাকিয়েই বিজেপিৰ বিৰুদ্ধে কাম চলাই যাব বুলি ঘোষণা; EVM আৰু নিৰ্বাচনী ফলাফলক লৈও উত্থাপন কৰিলে প্ৰশ্ন
সমগ্ৰ সমাচাৰ সেৱা
তেজপুৰ, ৭ মে’: অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি তথা বৰছলা বিধানসভা সমষ্টিৰ পৰাজিত প্ৰাৰ্থী ৰিপুণ বৰাই নিৰ্বাচনী ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ ঘোষণা কৰিছে। সোমবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত তেওঁ কয় যে, ভৱিষ্যতে তেওঁ কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে যদিও কংগ্ৰেছ দলৰ সৈতে জড়িত থাকি বিজেপিৰ বিৰুদ্ধে কাম অব্যাহত ৰাখিব।
বৰাই কয় যে, বৰছলা সমষ্টিত BJP প্ৰাৰ্থী ঋতু বৰণ শৰ্মাৰ হাতত পৰাজিত হোৱাৰ পিছতো তেওঁ দলীয় কৰ্মীসকলক হতাশ নহ’বলৈ আহ্বান জনাইছে। জোঁট-বন্ধন সম্পৰ্কীয় বিষয়সমূহ দলীয় মঞ্চতেই আলোচনা হ’ব বুলিও উল্লেখ কৰে।
নিৰ্বাচনৰ ফলাফল স্বীকাৰ কৰিলেও ৰিপুণ বৰাই ফলাফলক লৈ সন্দেহ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফলাফল ঘোষণাৰ আগতেই BJP-এ প্ৰায় ১০০খন আসন জয় কৰিব বুলি কৰা মন্তব্য চূড়ান্ত ফলাফলৰ সৈতে মিল থকা বুলি তেওঁ কয়। ইয়াৰ উপৰিও, EVM-ৰ সম্ভাৱ্য কাৰচাজীক সম্পূৰ্ণভাৱে নাকচ কৰিব নোৱাৰি বুলিও মন্তব্য কৰে।
তেওঁ লগতে কয় যে, ৰাজ্যত প্ৰায় ২.১১ কোটি ভোটাৰৰ ভিতৰত ১.০৮ কোটি মহিলা ভোটাৰ থাকিলেও মাত্ৰ ৬৫ লাখ মহিলাই চৰকাৰী আঁচনিৰ সুবিধা পাইছে। বাকী মহিলাসকলৰ ভোট ক’লৈ গ’ল বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে।
