Global Assam News

Global and Local Assam News Website

পশ্চিমবঙ্গ বিধানসভা ভংগ; মুখ্যমন্ত্ৰীৰ পদত আৰু নাই মমতা বেনাৰ্জী

  • পশ্চিমবঙ্গ বিধানসভা আনুষ্ঠানিকভাৱে ভংগ ঘোষণা
  • মমতা বেনাৰ্জীৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকাল সমাপ্ত
    বিজেপিৰ জয়ৰ পিছত সৃষ্টি হৈছিল ৰাজনৈতিক অচলাবস্থা
  • EVM টেম্পাৰিং আৰু ভোট কেলেংকাৰীৰ অভিযোগ TMCৰ
  • সাংবিধানিক ধাৰা ১৭৪(২) অনুসৰি গভৰ্ণৰৰ সিদ্ধান্ত

গভৰ্ণৰ আৰ.এন. ৰবিৰ সাংবিধানিক সিদ্ধান্তৰ পিছত ৰাজ্যৰ ৰাজনীতিত তীব্ৰ উত্তেজনা; নিৰ্বাচনী অনিয়মৰ অভিযোগ তুলিলে মমতা বেনাৰ্জীয়ে

সমগ্ৰ সমাচাৰ সেৱা
পশ্চিমবংগ, ৭ মে’: পশ্চিমবঙ্গৰ গভৰ্ণৰ আৰ.এন. ৰবিয়ে বৃহস্পতিবাৰে ৰাজ্যৰ বিধানসভা আনুষ্ঠানিকভাৱে ভংগ ঘোষণা কৰে। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১৭৪(২) অনুসৰি জাৰি কৰা এক চৰকাৰী বিজ্ঞপ্তিযোগে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এই সিদ্ধান্তৰ ফলত মমতা বেনাৰ্জীৰ মুখ্যমন্ত্ৰীৰ পদৰ কাৰ্যকালো সমাপ্ত হয়। ৰাজ্যত সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত বিজেপিয়ে উল্লেখযোগ্য জয় লাভ কৰাৰ পিছতে শাসক তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ মাজত তীব্ৰ ৰাজনৈতিক সংঘাতৰ সৃষ্টি হৈছিল।

মমতা বেনাৰ্জীয়ে নিৰ্বাচনৰ ফলাফল মানি ল’বলৈ অস্বীকাৰ কৰি ভোটগ্ৰহণ প্ৰক্ৰিয়াত ব্যাপক অনিয়ম হোৱা বুলি অভিযোগ তোলে। তেওঁ দাবী কৰে যে ইলেক্ট্ৰনিক ভোটিং মেচিন (EVM) টেম্পাৰিং আৰু ভোট কেলেংকাৰীৰ জৰিয়তে বিজেপিয়ে এই জয় লাভ কৰিছে।

ইয়াৰ উপৰিও তেওঁ নিৰ্বাচন আয়োগৰ ওপৰতো বিজেপিৰ সৈতে যোগসাজশ কৰাৰ অভিযোগ তোলে আৰু এই বিজয়ক “অনৈতিক” বুলি অভিহিত কৰে। গভৰ্ণৰৰ এই সিদ্ধান্তৰ পিছত পশ্চিমবঙ্গৰ ৰাজনীতি অধিক উত্তপ্ত হৈ উঠিছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *