পশ্চিমবঙ্গত ১১ বজাত নতুন চৰকাৰৰ শপতগ্ৰহণ
Oplus_131072
- কাইলৈ ১১ বজাত পশ্চিমবঙ্গৰ নতুন চৰকাৰৰ শপতগ্ৰহণ
- ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব অনুষ্ঠান
উপস্থিত থাকিব ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী - কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলেও ল’ব অংশ
- আজি কলকাতাত বিজেপিৰ বিধায়িনী দলৰ গুৰুত্বপূৰ্ণ বৈঠক
- বৈঠকতে নিৰ্বাচিত হ’ব বিধায়িনী দলৰ নেতা
কলকাতাত ব্যাপক প্ৰস্তুতি, উপস্থিত থাকিব ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰী
সমগ্ৰ সমাচাৰ সেৱা
পশ্চিমবংগ, ৮ মে’: পশ্চিমবংগত নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। তথ্য অনুসৰি, কাইলৈ পুৱা ১১ বজাত নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব। এই ঐতিহাসিক অনুষ্ঠানটো ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত আয়োজন কৰা হ’ব বুলি জানিব পৰা গৈছে।
শপতগ্ৰহণ অনুষ্ঠানত দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ উপস্থিতিৰ সম্ভাৱনা আছে। ইয়াৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী, বিজেপি শাসিত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শীৰ্ষ বিজেপি নেতাসকলেও অংশগ্ৰহণ কৰিব বুলি সূত্ৰে প্ৰকাশ কৰিছে।
ইফালে, আজি কলকাতাত বিজেপিৰ বিধায়িনী দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত নতুন বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰা হ’ব বুলি জানিব পৰা গৈছে। নেতা নিৰ্বাচনৰ পাছতেই মুখ্যমন্ত্ৰী পদৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব।
শপতগ্ৰহণ অনুষ্ঠানক কেন্দ্ৰ কৰি কলকাতা চহৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অনুষ্ঠানস্থলীত হাজাৰ হাজাৰ সমৰ্থকৰ সমাগম হোৱাৰ সম্ভাৱনা থকা বাবে আৰক্ষী আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীক সজাগ কৰি ৰখা হৈছে।
